ৰঙিয়াঃ অসমৰ মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলক তুচ্ছ-তাচ্ছিল্য কৰি কথা কোৱাক লৈ শুকুৰবাৰে প্ৰতিবাদ জনাই ৰাজ্যজুৰি কংগ্ৰেছ দলে বি জে পি ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

ৰঙিয়াতো কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ঘনশ্যাম কলিতাৰ উপস্থিতিত ৰঙিয়া ব্লক কংগ্ৰেছ কমিটীয়ে ৰঙিয়া ৰাজীৱ ভৱনৰপৰা প্ৰতিবাদী সমদল উলিয়াই ৰঙিয়া চহৰৰ মাজমজিয়াৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শক বঙলাৰ সন্মুখৰ পথত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি তথা প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতা, জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী জতিলা বৈশ্য, জিলা কংগ্ৰেছৰ সম্পাদক উজ্জ্বল লহকৰ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি ডিম্বেশ্বৰ বড়ো, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল আহমেদ, ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ৰবীন শইকীয়া,মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুমী বেগম, ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি উদ্ধব দাস, ধুহিবালা গাঁও পঞ্চায়তৰ সভাপতি  গিয়াছউদ্দিন আহমেদ, মৰাণজানা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা বেগম, গাঁও সদস্য আব্দুল হাই, আজাদ আলী, নবী হুছেইন, জিয়াউৰ ৰহমান প্ৰমুখ্যে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু ভালেসংখ্যক নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে।

এই প্ৰতিবাদস্থলীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ'-বেক, ৰঞ্জিত দাস গ' বেক, বি জে পি হায় হায়, ৰাহুল গান্ধী জিন্দাবাদ, কংগ্ৰেছ দল জিন্দাবাদ আদি ধ্বনি দি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ কৰেl

ইয়াৰ উপৰি বি জে পি সভাপতি ৰঞ্জিত দাসে ৰাহুল গান্ধীক দুদিন পূৰ্বে ''ননছেন্স'' বুলি কোৱা আৰু মুখ্য মন্ত্ৰীয়ে দিল্লীত গৈ "ৰাহুল গান্ধীৰ মুখ্যমন্ত্ৰী হোৱাৰো যোগ্যতা নাই, কংগ্ৰেছ দল বেইমান দল" বুলি অবান্তৰ মন্তব্য কৰাৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাই তীব্ৰ প্ৰতিবাদ কৰে।