ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৱৰ্ত্তী নিজ বড়িগোগত এটি উন্মুক্ত ট্ৰেন্সফৰ্মাৰৰ তলত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আজি পুৱাই নিজ বড়িগোগ গাঁৱৰ মাথো পাঁচ মাহ পুৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰুবুল ডেকাই মাতৃৰ সৈতে প্ৰাতঃ ভ্ৰমণ কৰি আহি কিছু সময় নোহোৱা হৈ থাকে৷ ইয়াৰ পিছতে স্থানীয় কৱৰস্থানৰ ওচৰত উন্মুক্ত অৱস্থাত থকা এটি ট্ৰান্সফাৰ্মাৰৰ তলত কেইজনমান লোকে ৰুবুলৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে৷

ৰুবুলৰ দুয়োখন হাত বহু খিনি দগ্ধ হৈ পৰিছিল ৷ স্থানীয় ৰাইজে ৰুবুল ডেকাই ট্ৰেন্সফৰ্মাৰটোত হাত দি আত্মহত্যা কৰা বুলি কয়।

পেছাত কাঠ ব্যৱসায়ী নিজ বড়িগোগৰ সৰবৰহী যুৱক ৰুবুল ডেকাই দীৰ্ঘদিনৰ পৰা এটি ৰোগতো আক্ৰান্ত হৈ আছিল। আনকি শনিবাৰে শহুৰৰ ঘৰৰ পৰা অহা আলহীৰ সৈতেও ভালদৰে কথা বতৰা পাতিছিল ডেকাই৷

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ৰঙিয়া আৰক্ষী উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰাইজে ট্ৰেন্সফৰ্মাৰসমূহ উন্মুক্ত অৱস্থাত ৰখাত ক্ষোভ ব্যক্ত কৰে৷