ৰঙিয়াঃ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বিৰদত্ত ভৱনত দেওবাৰে অবিভক্ত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীবৃন্দৰ এখন সতীৰ্থ সভা অনুষ্ঠিত হয়। 

পুৱা পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ নেতা আমিৰ আলীয়ে। শ্বহীদ তৰ্পন কৰে প্ৰাক্তন ছাত্ৰ নেতা ডম্বৰু কলিতা, লীলাধৰ শালৈ, দীপক দাসে৷ স্মৃতি তৰ্পন কৰে দ্বীজেন নাথ, শৰৎ কলিতা আৰু ৰমেন দাসে। ইয়াৰ পাছতে মূল কাৰ্যসূচী সতীৰ্থ সভাখন অনুষ্ঠিত হয়। 

প্ৰাক্তন ছাত্ৰ নেতা কমলেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ মুকুল কলিতা, অতুল কলিতাৰ লগতে শিল্পী পেঞ্চনপ্ৰাপ্ত নৰেন শৰ্মা আৰু মুক্তিযোদ্ধা কৃষ্ণ লহকৰ। সভাত অবিভক্ত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া সকলে দিহা-পৰামৰ্শ আগবঢ়ায়।

সভাত প্ৰাক্তন ছাত্ৰনেতাসকলে বৰ্তমান ৰাজ্যৰ জলন্ত সমস্যাসমূহৰ আলোচনা কৰে। সভাৰ শেষত কমেশ ডেকা সভাপতি, মোহনমাধৱ বৰ্মনক সাধাৰণ সম্পাদক ৰাজীৱ মহন্তক কোষাধ্যক্ষ হিচাপে লৈ সতীৰ্থ ৰঙিয়া নামেৰে এখন সমিতি গঠন কৰা হয়।