ৰঙিয়া/তুলসীবাৰীঃ এবছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ৰঙিয়া তুলসীবাৰীস্থিত আইটিআই আজিলৈকে আৰম্ভ নোহোৱাত আজি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। তলা বন্ধ কলেজখনৰ সন্মুখত সোমবাৰে গঞা ৰাইজে শীঘ্ৰে কলেজখন আৰম্ভ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে।

চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কলেজ চৌহদ উত্তাল কৰি তোলে। উল্লেখ্য যে প্ৰায় ৪ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল।

পৰৱৰ্তী সময়ত অতি লেহেম গতিত নিৰ্মাণৰ কাম আৰম্ভ কৰা কলেজখনৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পিছত যোৱা বছৰ ১ মাৰ্চত সাংসদ ভূৱনেশ্বৰ কলিতা আৰু তদানীন্তন স্থানীয় বিধায়ক ঘনশ্যাম কলিতাই কলেজখন শুভ উদ্বোধন কৰিছিল।

কিন্তু এবছৰ দুমাহ পিছতো আজিলৈকে কলেজখনত শিক্ষাদান আৰম্ভ নোহোৱাত ক্ষুব্ধ ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে কলেজখন আৰম্ভ নৌহওতে অতিনিম্ন মানৰ কামৰ বাবে নিৰ্মাণ কাৰ্য্য জহি-খহি যাবলৈ ধৰিছে।

আনহাতে কলেজ নিৰ্মাণত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী কৰিছে প্ৰতিবাদকাৰীয়ে। এই ক্ষেত্ৰত ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলামে ৰঙিয়াৰ উক্ত কলেজখনৰ নিৰ্মাণ কাৰ্য্যৰ দুৰ্নীতি সন্ধৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।