ৰঙিয়াঃ ৰঙিয়া আৰক্ষীৰ অভিযানত জালত পৰিল ৰাষ্ট্ৰীয় ঘাইপথত চিনেমাৰ কায়দাৰে ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা তিনি ডকাইত৷ যোৱা ২৮ মে’ত ওদালগুৰিৰ মনোজ দাস নামৰ ব্যৱসায়ী জনৰ পৰা কামৰূপ জিলাৰ আমিনগাঁৱৰ পৰা ডকাইতৰ বৃহৎ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথত ডিআই গাড়ী আগছি ধৰি পৰা প্ৰায় সাত লাখ টকা লুটি নিছিল।

আজি ৰঙিয়া মহকুমা আৰক্ষীয়ে ডকাইতৰ দলটোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়। ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ পেগুৱে এক গোপন খৱৰৰ ভিত্তিত কেইবাঘন্টাজোৰা অভিযান চলাই ৰঙিয়া কাছাৰী শৌলমাৰীৰ মইদুল আলী(২৮) ওৰফে আণ্ডাৰ, মাদৈকটাৰ নিজাম আলী(৩২) আৰু ৰঙিয়া পিতাম্বৰ হাতবজালীৰ  নজৰুল ইছলামক আটক কৰে।

ধৃত ডকাইত কেইজনক ৰঙিয়া থানাত মাৰাথন জেৰা অৱ্যহত ৰাখিছে আৰক্ষীয়ে। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত ডকাইত কেইজনৰ পৰা এখন নম্বৰ প্লেট বিহীন অ’ল্ট গাড়ী আৰু এখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে জানিব দিয়া মতে ৰাষ্ট্ৰীয় ঘাই পথত নতুন পন্থা অৱলম্বন কৰি ডকাইতি কাৰ্য্য সংঘটিত কৰি আহিছে ডকাইতৰ দলে। বিশেষকৈ ডকাইতৰ দলে গাড়ী আগভেটা দি ৰখাই কোনো পথচাৰিক খুন্দিয়াই থৈ অহা বুলি কৈ ভীতিগ্ৰস্ত কৰি দিনৰ পোহৰতে ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে। যোৱা নিশা আটক কৰা ডকাইত কেইজনেওঁ একে পদ্ধতিৰে ডকাইতি কাণ্ড সংঘটিত কৰিছিল।