newsnextone.com । ৰঙিয়াঃ  বাইকত অহা দুৰ্বৃত্তৰ দলে কেইবাবাৰো ৰঙিয়াৰ বৃত্তীয় প্ৰতিষ্ঠানৰ ধন কাঢ়িনিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিচত পুনৰ কালি এক ধনলুটৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে । ঘটনাৰ বিষয়ে জানিব পৰা মতে কালি দিনৰ প্ৰায় দুই মান বজাত ৰঙিয়া চহৰৰ সমীপৰ দহৰা গাঁওৰ মাজেৰে  আশা  ইন্টাৰ নেচনেল মাইক্ৰ ফাইনেঞ্চ লিঃ নামৰ ৰঙিয়াস্থিত বৃত্তীয় প্ৰতিষ্ঠান এটাৰ এজেন্ট এজনে ধন সংগ্ৰহ কৰি আহি আছিল ।

সন্তোশ সাহা নামৰ এজেন্ট জনে চাইকেলৰে আহি থকা অৱস্থাত দহৰা গাঁওত এখন নম্বৰ প্লেটবিহিন পালচাৰ বাইকত অহা তিনি যুৱকে খুন্দা মাৰে। মুখত কলা কাপোৰ বান্ধি অহা  যুৱক কেইজনে পালচাৰ খনেৰে  খুন্দামৰাৰ  লগে লগে চাহা বাগৰি পৰে । লগে লগে যুৱক এজনে  টকাৰ বেগটো কাঢ়ি লৈ তিনিও জনে তীব্ৰ গতিত আঁতৰি   যায় ।

পিচত সন্তোশ সাহা নামৰ এজেন্ট জনে ৰঙিয়া আৰক্ষী থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে । এজেন্টজনে দিয়া অভিযোগমতে তেওঁ বিভিন্ন গাঁওৰ ব্যক্তিৰ পৰা কালি ৩৪,৩৪৩টকা সংগ্ৰহ কৰি কাৰ্য্যালয়লৈ আহি থকা অৱস্থাত  ধন সমূহ তিনি দুৰ্বৃত্তই কাঢ়ি লৈ যায়। ইয়াৰ উপৰিও এজেন্ট জনৰ বেগটোত এটা মোবাইল আছিল বুলি উল্লখ কৰে ।

গৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰঙিয়া আৰক্ষীৰ ফালৰ পৰা বাৰে বাৰে এজেন্ট সকলক অকলে এনেদৰে ধন সংগ্ৰহ কৰিবলৈ বাধাপ্ৰদান কৰি অহাৰ পিচটো বৃত্তীয় প্ৰতিষ্ঠান সমূহৰ এজেন্ট সমূহে ধন সংগ্ৰহ কৰি অহাত এনে ধৰণৰ ধন লুটৰ দৰে ঘটনা সমূহ সংঘটিত হৈ আহিছে।