newsnextone.com| ৰঙিয়াঃ ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলত আজি বিশ্বকৰ্মা পূজা উপলক্ষে 'আৰ্হি ' নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। মূল পূজা আৰম্ভ হোৱাৰ আগমূহুৰ্তত প্ৰাচীৰ প্ৰত্ৰিকাখন এক গাম্ভিৰ্য্যপুৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰে বিভাগটোৰ কাৰ্য্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালীয়ে। বিশ্বকৰ্মা পূজা পৰিচালনা সমিতিৰ সম্পাদক হিৰেন দাসে আঁতধৰা অনুষ্ঠানটোত বিষয়া গৰাকীয়ে তেওঁৰ বক্তব্যৰ মাজেৰে কয় যে অসমৰ সকলোবোৰ চৰকাৰী কাৰ্য্যালয়তে এনেধৰনে প্ৰাচিৰ পত্ৰিকাৰ ব্যৱস্থা কৰিলে নিশ্চয় চৰকাৰী কৰ্মচাৰী সকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব। কৰ্মচাৰী সকলে নিজৰ কৰ্মব্যস্ততাৰ কাৰণে নিজৰ মাজত লুকাই থকা প্ৰতিভা বিকাশত যিহেতু সুযোগ নাপাই তেনেস্থলত চৰকাৰী কাৰ্য্যালয়ত এনে ধৰণৰ ব্যৱস্থা থাকিলে কৰ্মচাৰী সকলে প্ৰতিভা বিকাশত আগবাঢ়িবলৈ সুবিধা হ’ব বুলি অভিযন্তা গৰাকীয়ে তেওঁৰ বক্তব্যৰ মাজেৰে প্ৰকাশ কৰে।

ৰঙিয়া গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী ৰীণা দেৱীৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰাচীৰ পত্ৰিকাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই কয় যে ৰঙিয়া গড়কাপ্তানী বিভাগৰ এইটো এটা ব্যতিক্ৰমি কাৰ্য্য। যিটো কাৰ্য্যৰ বাবে প্ৰকৃততে বিভাগটোৰ কৰ্মচাৰী সকলক ধন্যবাদ দিব লাগিব। আনহাতে অসমৰ আনকোনো চৰকাৰী কাৰ্য্যালয়ত এনেদৰে এখন প্ৰাচিৰ পত্ৰিকাৰ ব্যৱস্থা হয়টো কৰা নাই বুলি উল্লেখ কৰি প্ৰতিটো কাৰ্য্যালয়ত এনেদৰে প্ৰাচীৰ পত্ৰিকাৰ ব্যৱস্থা কৰিলে প্ৰকৃততে কৰ্মচাৰী সকলে উপকৃত হ’ব বুলি প্ৰাক্তন বিধায়ক ডেকাই তেওঁৰ বক্তব্যত উল্লেখ কৰে৷