newsnextone.com।মৰিয়নীঃ মৰিয়নী ভেলাউগুৰিত বুধবাৰে এক দলীয় সভাত অংশ গ্ৰহণ কৰি বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত এক ভয়ঙ্কৰ স্বীকাৰোক্তি দিয়ে৷ অসমৰ জাতীয় সংগঠনৰ সন্মতিতহে নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ল। ৰঞ্জিত দাসে বুধবাৰে মৰিয়নীত সংবাদ মাধ্যমৰ আগত এনে দৰে মন্তব্যই তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে।

মৰিয়নীৰ ভেলউগুৰিত চেলেংহাট মণ্ডলৰ পৃষ্ঠা প্ৰমুখ নিযুক্তিৰ এখন সভাত অংশ গ্ৰহণ কৰাৰ অন্তঃত সভাপতি ৰঞ্জিত দাসক নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে মুখ্য ইচ্ছূ হিচাপে বৃহৎ নদী বান্ধ বিৰোধিতা কৰি থকাৰ পাছতো সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰে।

উত্তৰত দিল্লীত হোৱা এক আলোচনাত অসমৰ জাতীয় সংগঠনসমূহে শোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰাৰ বাবেহে প্ৰকল্পটো নিৰ্মাণ সম্ভৱপৰ হল। একেটা অনুষ্ঠানতে সাংবাদিকে মহিলা বিশ্ববিদ্যালয়ৰ প্ৰসংগত সুধাত তেওঁ এই বিষয়ে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন গোস্বামী লগতে শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগত বৰ্তমানেও আলাপ-আলোচনা কৰি থকা হৈছে বুলি দায় সৰা মন্তব্য দিয়ে৷