ডিজিটেল ডেস্কঃ সমাজ খনত এতিয়া নাৰী সুৰক্ষিত নহয়৷ মুঠৰ ওপৰত নাৰী এতিয়া কতো সুৰক্ষিত নহয়৷ দেশৰ বিভিন্ন ঠাইত ধৰ্ষণ-হত্যা, অপহৰণ কাণ্ড সংঘটিত হৈ থকাৰ সময়তে এইবাৰ শিশু ধৰ্ষণৰ অভিযোগত গণপ্ৰহাৰত মৃত্যু হয় এজন যুৱকৰ৷
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত৷ ২৪ বছৰীয়া জিতেন্দ্ৰ নামৰ লোকজনৰ পত্নী এটি ধৰ্মীয় অনুষ্ঠানত যোৱাৰ পিছতেই সমীপৰ ঘৰৰ এটি শিশুক ঘৰলৈ আনি ধৰ্ষণ কৰাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷
জিতেন্দ্ৰৰ ঘৰৰ পৰা শিশুটোৱে কান্দি কান্দি ওলাই আহে৷ তাৰ পিছত ৰাইজে সন্দেহ কৰি শিশুটোক সোধ পোছ কৰাত সমস্ত কথা বিৱৰি কয়৷ তাৰ পিছতেই ৰাইজ উত্তেজিত হৈ পৰে৷ উত্তেজিত ৰাইজৰ গণপ্ৰহাৰত জিতেন্দ্ৰৰ থিতাতে মৃত্যু হয়৷ ক্ষোভিত ৰাইজৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি জিতেন্দ্ৰক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ শিশুটোক চিকিৎসালয় ভৰ্তি কৰা হৈছে৷