ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ চৰকাৰে উন্নাও ধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইক প্ৰদান কৰে৷ ইয়াৰ লগতে প্ৰায় এবছৰৰ মূৰকত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যোগী আদিত্য নাথৰ চৰকাৰে৷ বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেগাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৬৩, ৩৬৬, ৩৭৬, ৫০৬ আৰু POCSO ধাৰাত গোচৰ ৰুজু কৰে৷ 

আনহাতে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা কিশোৰীৰ পিতৃৰ মৃত্যুৰ পিছত চিকিৎসকে গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ধৰ্ষণৰ অভিযোগকাৰী মহিলাৰ পিতৃক অভিযুক্ত বিধায়কৰ লোকে মাৰধৰ কৰাৰ অন্তত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে চিকিৎসা কৰাৰ পৰিৱৰ্তে হাঁহি-ধেমালি, ঠাট্টা মষ্কৰা কৰি ইতিকিং কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে চিকিৎসক-আৰক্ষীৰ বিৰুদ্ধে৷ ইতিমধ্যে চিকিৎসকে হাঁহি-ধেমালি কৰি ইতিকিং কৰা ভিডিঅ’ ভাইৰেল হৈছে৷ 

ডিকে দ্বিবেদী আৰু প্ৰশান্ত উপাধ্যায় নামৰ দুই চিকিৎসকক উত্তৰ প্ৰদেশ চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰে৷ দুই চিকিৎসকৰ দায়িত্বত আছিল পিতৃৰ চিকিৎসাৰ দায়িত্ব৷ যোৱা ৯ এপ্ৰিলত আৰক্ষীৰ জিম্মাত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা কিশোৰীৰ পিতৃৰ মৃত্যু হৈছিল৷ চিকিৎসকৰ গাফিলতিৰ খবৰ প্ৰচাৰ হোৱাত এলাহাবাদ উচ্চ ন্যায়ালয়ে পিতৃৰ শেষকৃত্য সম্পন্ন কৰাত বাধা আৰোপ কৰে৷

চিকিৎসকৰ লগতে স্থানীয় চক্ৰ বিষয়া বাহাদুৰ সিঙক চাকৰিৰ পাৰ নিলম্বন কৰে৷ সমস্ত ঘটনা ঘটনা সন্দৰ্ভত এগৰাকী অধিবক্তাই উচ্চ ন্যায়ালয়ত লেখ আবেদন জনাইছিল৷ অবেদনৰ ভিত্তিতে ঘটনাৰ শুনানি অনুষ্ঠিত হ’ব এলাহাবাদ উচ্চ ন্যায়ালয়ত৷ আনহাতে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা কিশোৰীৰ পিতৃৰ পিছত তেওঁৰ খুৰাকৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি কয়৷ যিকোনো মুহূৰ্তত তেওঁৰ খুৰাকক আক্ৰমণ কৰিব পাৰে বুলি কয়৷ কিশোৰীৰ পৰিয়ালক নিৰাপত্তা দিয়াৰো নিৰ্দেশ দিয়ে চৰকাৰে৷

বিগত বছৰৰ জুন মাহত ১৬ বছৰীয়া কিশোৰীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী কিশোৰীয়ে বিজেপি বিধায়ক কুলদ্বীপ সিঙৰ বিৰুদ্ধে সহযোগীৰ সৈতে লগলাগি গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পিছতে যোৱা ০৭ এপ্ৰিলত কিশোৰী আৰু কিশোৰীৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লক্ষ্নৌৰ আৱাসৰ সন্মুখত আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ 

আত্মহত্যা চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানাত ৰাখিছিল যদিও নিশা মৃত্যু হৈছিল গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃৰ৷ গণ ধৰ্ষণৰ বলি হোৱা মহিলাৰ পিতৃক অভিযুক্তই বেয়াকৈ মাৰধৰ কৰাৰ লগতে আৰক্ষীয়ে বন্দী কৰি ৰাখিছিল৷ ৫ দিন পিছত মহিলাৰ পিতৃৰ মৃত্যু হয়৷