newsnextone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকী অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চলৰ লং এহ পি গাঁৱত মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীক প্ৰথমে জংঘলত আবদ্ধ কৰা হৈছিল। তাৰ পিছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। স্থানীয় ৰাইজে অভিযান চলাই ধৰা পেলোৱাৰ এহপি ৰংপি গাঁৱৰে খনছিং ৰংফাৰ (২০) নামৰ যুৱকজনে এই কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে।

উজনিৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী অাৰু ললিমাই দেৱীক ৰেলৰ ভিতৰত ধৰ্ষণ-হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত জংঘলত এগৰাকী ৩০ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

যোৱা ১৩ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা বিবাহিত মহিলাগৰাকী ৪৮ ঘণ্টাৰ অন্তত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ স্থানীয়ে ৰাইজে সন্দেহ কৰা মতে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰিছে মহিলাগৰাকীক৷

জানিব পৰা মতে, যোৱা ১৩ জুলাইত ডংকামোকাম লং-এহ পি গাঁৱৰ আৰলিছ তেৰনপি নামৰ মহিলাগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আত্মা সহায়ক গোটৰ মাজৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হোৱা কথা-বাৰ্তা প্ৰত্যক্ষ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকী অন্তৰ্গৰ ডংকামোকাম লং-এহ পি গাঁৱৰ হাৰমন ৰংহাঙৰ পত্নী আৰলিছ তেৰনপিয়ে মোডীৰ কাৰ্যসূচী চাবলৈ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ 

পৰিয়ালে বিচাৰ-খোচাৰ কৰি থকাৰ সময়তে ডংকামোকাম লং-এহ পি গাঁৱত জংঘলত দেওবাৰে পুৱা একাংশ লোকে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়া হয়৷ স্থানীয়ে ৰাইজে এয়া ধৰ্ষণ-হত্যা কাণ্ড বুলি কব খুজিছিল৷ 

কিন্তু ৰাইজৰ দাবী সত্য প্ৰমাণিত হ’ল। যুৱক জনে মহিলাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু কোনো সঁহাৰি নোপোৱাৰ বাবে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে খনছিং ৰংফাৰে। জানিব পৰা মতে, আত্মাসহায়ক গোটৰ মহিলাৰ সৈতে জড়িত থকা মহিলাগৰাকীয়ে আবেলি ঘৰমুৱা হওঁতে নৰপিশাচে হাবিৰ মাজত অকলশৰে প্ৰত্যক্ষ কৰি মহিলাক আবদ্ধ কৰে। প্ৰথমে ধৰ্ষণ তাৰ পিছত দাৰে ঘপিয়াই হত্যা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলং জিলা মহিলাসমিতিয়ে তীব্ৰ গৰিহণা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মহিলা সমিতিৰ সভানেত্ৰী জিতুমণি বৰদলৈয়ে নিৰীহ মহিলাগৰাকীক হত্যা কৰা অপৰাধীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায়।