কোকৰাঝাৰঃ পুনৰ ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ কোকৰাঝাৰ ডিটেনচন কেম্পত আৰু ৰশ্মিনাৰা চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত আজি পৃথকে পৃথকে  উপস্থিত হ'ল কংগ্ৰেছ আৰু এআইইউডিএফৰ একাংশ বিধায়ক।

বিদেশী ন্যায়াধিকৰণে গোৱালপাৰাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ডৰ  মণিৰুল ইছলামৰ অন্ত:সত্বা পত্নী ৰশ্মিনাৰা বেগমক বিদেশী বুলি ঘোষিত কৰি  কোকৰাঝাৰ ডিটেনচন কেম্পলৈ চালান দিয়াৰ পিছৰে পৰা ৰাজনৈতিক নেতাসকল ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ সঘনে কোকৰাঝাৰ ডিটনচন কেম্পলৈ আগমন ঘটিছে ।

ডিটেনচন কেম্পত থকাকালিন অৱস্থাতে ৰশ্মিনাৰাই যোৱা ২৯ এপ্ৰিলৰ দিনাখন কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত এটি কন্যা সন্তান জন্ম দিয়ে আৰু আজিলৈ চিকিৎসালয়তে থকাত ৰাজনৈতিক নেতাসকলৰ লক্ষ্য এতিয়া কোকৰাঝাৰ আৰএনবি চিকিৎসালয় হৈ পৰিছে।

ঘঁৰিয়ালৰ চকুপানী টুকিবলৈকে মুলত আগমন ঘটা ৰাজনৈতিক নেতাসকলে প্ৰতিবাৰে বৰ বৰ ভাষণ দিয়ে যদিও ৰশ্মিনাৰাই অদ্যপি নিজৰ মুক্তিক লৈ আসস্থ নহয় । কোনোপধ্যেই  ডিটেনচন কেম্পলৈ ঘূৰি যাব নিবিচৰা ৰশ্মিনাৰাই তেওঁক উদ্ধাৰ কৰিবলৈ সকলোকে কৰযোৰে আহ্বান জনাইছে  অন্যথা তেওঁ নিজেই চিৰদিনৰ বাবেই উদ্ধাৰ হোৱাৰ ব্যৱস্থা কৰিবলৈও প্ৰস্তুত বুলি মন্তব্য কৰিছে ।

এনে এক পৰিস্থিতিৰ মাজতে আজি কংগ্ৰেছৰ বিধায়ক এ কে  ৰছিদ আলমে চিকিৎসায়ত ৰশ্মিনাৰাক সাক্ষাৎ কৰাৰ লগতে কোকৰাঝাৰ ডিটেনচন কেম্পত হাজিৰ হৈ ডিটেনচন কেম্পত আৱদ্ধ হৈ থকা লোকসকলৰ প্ৰকৃত অৱস্থাৰ বুজ লয় । বিধায়ক আলমে ৰশ্মিনাৰা মুক্তিযুঁজাৰুৰ কন্যা বুলি সদৰি কৰি এগৰাকী মুক্তিযুঁজাৰুৰ কন্যা কেনেদৰে বিদেশী হব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

ডিটেনচন কেম্পত ৰাভা , গাৰো , ৰাজবংশী , মুণ্ডাকে ধৰি বহুতো লোক অবাবত বিদেশী বুলি ঘোষিত হৈ ডিটেনচন কেম্পত আছে আৰু মৰ্জিনা বিবি নামৰ এগৰাকী মহিলাও ডিটেনচন কেম্পত আৱদ্ধ হৈ আছে যাৰ বিৰুদ্ধে কোনো গোচৰে নাই বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে এয়া দেখ দেখ মানৱ অধিকাৰ উলংঘন বুলি মন্তব্য কৰিছে।

কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো প্ৰয়োজনবশতো অনিদিষ্ট কাললৈ ঘেৰাও কৰি ৰখা হব বুলি হুংকাৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে । ভাৰতীয় নাগৰিকক অকাৰণতে হাৰাশাস্তি কৰা হৈছে বুলি  মত প্ৰকাশ কৰি বিধায়কগৰাকীয়ে ন্যায়ৰ বাবে তেওঁ ন্যায়ালয়ৰ ওচৰ চপা বুলি সদৰি কৰি অহা বৃহস্পতিবাৰে ৰশ্মিনাৰাৰ গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হব বুলি সদৰি কৰিছে। 

আনহাতে এআইইউডিএফৰ বিধায়ক হামিদ বছিৰ আহমেদ কাছিমীৰ নেৰ্তৃত্বত অহা  ৯ জনীয়া বিধায়কৰ দল এটাইও আজি কোকৰাঝাৰ চিকিৎসালয় আৰু ডিটেনচন কেম্প পৰিভ্ৰমণ কৰে। সংবাদমাধ্যমৰ আগত কাছিমীয়ে ডিটেনচন কেম্পত থকা ভাৰতীয় সকলক উদ্ধাৰৰ বাবে ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰিছে। ডিটেনচন কেম্পত থকাসকল অপৰাধী নহয় যদিও অপৰাধীসকলৰ লগত একেলগে ৰখা হৈছে আৰু তেনে ব্যৱহাৰো কৰা হৈছে  বুলি মন্তব্যৰে এয়া মানৱ অধিকাৰ উলংঘন বুলি মন্তব্য কৰিছে কাছমীয়ে।

প্ৰণিধানযোগ্য যে দুয়োটা দলৰ বিধায়কসকলে  মানৱতাৰ খাতিৰতে তথা ন্যায়ৰ হকে যুঁজ দিবলৈকে ডিটেনচন কেম্প ভ্ৰমণ কৰা বুলি সদৰি কৰিছে। আজি কোকৰাঝাৰ ডিটেনচন  কেম্প ভ্ৰমণ কৰা এআইইউডিএফৰ বিধায়কসকল আছিল ক্ৰমে মিজানুৰ ৰহমান, অনন্ত কুমাৰ মালো, নজৰুল হক, চাহাবুদ্দিন আহমেদ, আজিছ আহমেদ খান, সুজামউদ্দিন লস্কৰ, আনোৱাৰ হুছেইন লস্কৰ আৰু মামুল ইমদাদুল হক।