ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ৰাষ্ট্ৰীয় নিউজ চেনেল আজটকত দিয়া এটি সাক্ষাৎকাৰত দেশত শান্তি সম্প্ৰতিৰ কথা কৈ অহা আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে অযোধ্যাৰ বিবাদ শীঘ্ৰে নিস্পত্তি নহ’লে দেশত ছিৰিয়া সদৃশ পৰিস্থিতি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে৷

তেওঁ আৰু কয় দেশত এনে কিছু লোক আছে যিয়ে সংঘৰ্ষ সৃষ্টি কৰি নিজৰ অস্তিত্ব জীয়াই ৰাখিব খোজে৷ তেওঁলোকৰ জৰিয়তে কাম নকৰিব৷ শান্তিত থাকিব দিয়ক৷ আমাৰ দেশ ছিৰিয়াৰ দৰে কৰিব নালাগে৷ এনে পৰিৱেশ ইয়াত হ’লে সকলো ধ্বংস হৈ যাব৷ অযোধ্যাৰ গোচৰ নিস্পতি নহ’লে দেশ ছিৰিয়াৰ দৰে হ’ব৷

অযোধ্যা মুছলমানৰ ধৰ্মীয় স্থান নহয়৷ তেওঁলোকে এই ধাৰ্মিক স্থানৰ দাবী পৰিহাৰ কৰি ইতিহাস সৃষ্টি কৰক৷ তেওঁ আৰু কয়, গোচৰৰ ৰায় ন্যায়ালয়ে দিলেও কোনো এটা পক্ষই মানি নল’ব৷ কিয়নো কোনো এটা পক্ষই পৰাজয় বৰণ কৰিব লাগিব৷ যাৰ ফলত পৰাজয় বৰণ কৰা পক্ষই এতিয়া মান্তি হ’ব কিন্তু কিছু সময় পিছত পুনৰ হৈ-হাল্লা কৰিব৷ কিছুমান লোকে মোৰ প্ৰয়াসক সমালোচনা কৰিছে৷ কিয়নো তেওঁলোকে বেমেজালি বৃদ্ধি কৰিব খোজে৷

মন্দিৰৰ ঠাইত হাস্পতাল নিৰ্মাণ মুৰ্খামীৰ বাহিৰে আন একো নহয়৷ ৰামক আন ঠাইত জন্ম কৰিব নোৱাৰে৷ ইছলামত বিবাদিত স্থানত উপাসনা কৰাৰ অনুমতি নিদিয়ে৷ এই সন্দৰ্ভত কোনো লোকক টকাৰ প্ৰলোভন দিয়া হোৱা নাই৷ এইজন সেইগৰাকী নদবী যিয়ে আদালতৰ বাহিৰত এই গোচৰ নিস্পতি কৰাৰ কথা কৈছিল৷ তেওক এই কাৰণতে মুছলিম পাৰ্ছনেল বৰ্ডে বৰ্ডৰ পৰা আঁতৰাই দিছে৷