নতুন দিল্লীঃ উৰ্জিৎ পেটেলে হঠাতে সোমবাৰে পদত্যাগ কৰাৰ পাছত আজি প্ৰাক্তন বিত্ত সচিব শক্তিকান্ত দাসক নৰেন্দ্ৰ মোডী চৰকাৰে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নতুন গবৰ্নৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে।

বৰ্তমান পৰিকল্পনা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দাসে ২০১৬ চনত চৰকাৰে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পাছত সঘনাই সংবাদ মাধ্যমৰ সন্মুখত দেখা দি চৰকাৰৰ হৈ মন্তব্য কৰা দেখা গৈছিল।

মোডী চৰকাৰে দাসক প্ৰথমে ৰাজহ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি প্ৰদান কৰি পাছত বিত্ত বিভাগৰ মুৰব্বী হিচাপে দায়িত্বভাৰ দিছিল। ইয়াৰ পাছত তেওঁক অৰ্থনীতি পৰিক্ৰমালৈ অনা হয় আৰু তেতিয়া তেওঁ বিমুদ্ৰাকৰণ আঁচনিৰ এজন মুৰব্বী হিচাপে চৰকাৰক সহায় কৰে।

চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ যে তেওঁৰ কাৰ্যকাল তিনি বছৰীয়া হ'ব।