The Indian Express

গুৱাহাটীঃ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শনিবাৰে। ৬০খন আসনৰ তিনি ৰাজ্যত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

মোৰ বিশ্বাস আছে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-৩২ খন আৰু চিপিআইএম-২৫ খন আসনত আগাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ ১৯ খন আৰু এনপিপি ১০ খন আসনত আগবাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-২৫ খন আৰু বিজেপি দলে ৩১ খন আসনত আগবাঢ়ি আছে৷

সমগ্ৰ দেশৰ নজৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপত আছে তাৰ মাজতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ফলাফলে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ পেলাব বুলি কয়৷ তেও কয়, তিনিওখন ৰাজ্যই এক নতুন ৰাজনৈতিক দিক উন্মোচন কৰিব৷ ইয়ে দেশৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাব৷ আমি বিশ্বাসী তিনিও খন ৰাজ্যত আমাৰ চৰকাৰ গঠন হ’ব৷