• নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসম চুক্তিক উলংঘা কৰা হব : আছু 

কোকৰাঝাৰঃ অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহিদৰ পুণ্য স্মৃতিত আজি কোকৰাঝাৰতো বন্তি প্ৰজ্বলেনেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । কোকৰাঝাৰ জিলাৰ বালাজান তিনালীস্থিত ছহিদ বেদী প্ৰাংগনত আজি আছুৰ বালাজান তিনালী আছুৰ উদ্যোগত ছহিদ দিৱস পালন কৰা হয় । কোকৰাঝাৰ জিলা আছুৰ নেৰ্তৃবৰ্গৰ লগতে সাধাৰণ ৰাইজ উপস্থিত থকা উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ৮৫৫ গছি বন্তি প্ৰজ্বলন কৰা হয় । উক্ত অনুষ্ঠানত জিলা আছুৰ সাধাৰণ সম্পাদক ছবিন শৰ্মা উপস্থিত থাকি ছহিদসকলৰ মহান ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি ছহিদৰ ত্যাগক অথলে যাবলৈ দিয়া নহব বুলি মন্তব্য কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হলে অসম চুক্তিক উলংঘা কৰা হব বুলি মন্তব্য কৰি অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হ'লেহে ছহিদৰ ত্যাগৰ প্ৰকৃত মুল্যায়ন হব বুলি মন্তব্য কৰিছে আছুৰ জিলা সাধাৰণ সম্পাদক ছবিন শৰ্মাই । বালাজান তিনালী ছহিদ বেদী প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ নাথ , সম্পাদক ৰূপজ্যোতি ৰায়কে ধৰি আছুৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল ।