ডিজিটেল ডেস্কঃ ছিৰান আতিছ। ইছলাম ধৰ্মত বিপ্লৱ অানিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে পেছাত অধিবক্তা এইগৰাকী মানৱাধিকাৰ কৰ্মীয়ে। জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত শেহতীয়াকৈ এটি 'উদাৰ’ মছজিদ স্থাপন কৰিছে মুছলিম নাৰীবাদী ছিৰান আতিছে।

উক্ত মছজিদটোত নাৰী-পুৰুষ-তৃতীয় লিংগ নিৰ্বিশেষে সকলোৱে একেলগে প্ৰৱেশ কৰিব পাৰে। ইংলেণ্ডটো এনে এটা মছজিদ স্থাপন কৰিবলৈ কাম আৰম্ভ কৰিছে আতিছে। ইউৰোপৰ প্ৰতিখন দেশতে এনে 'উদাৰ’ মছজিদ স্থাপন কৰাৰো লক্ষ্য লৈছে তুৰস্কত জন্মগ্ৰহণ কৰা আতিছে।

'এয়া হৈছে এক আন্দোলন। ক’ব পাৰি যে ইছলাম সমাজতো এতিয়া বিপ্লৱ আৰম্ভ হৈছে। আমি 'উদাৰ’ মছজিদ ধাৰণাৰ জন্ম দিব পাৰো। কিন্তু আমাৰ এই লক্ষ্যৰ প্ৰতি বিশ্বৰ লক্ষ লক্ষ লোকে সমৰ্থন আগবঢ়াইছে।’-এইদৰে কয় আতিছে। অৱশ্যে গোড়া মুছলমানসককলে নিৰন্তৰ তেওঁক সমালোচনা কৰি আহিছে। ছ’চিয়েল মিডিয়াত প্ৰতিদিনে গালি-গালাজ শুনিবলগীয়া হৈছে আতিছে।

বহু গোড়া মুছলমানে তেওঁক হত্যাৰো ভাবুকি প্ৰদান কৰিছে। ফলত নিৰাপত্তাৰক্ষী লৈ ঘূৰিবলগীয়াত পৰিছে আতিছ। ইজিপ্টৰ চৰকাৰী ইছলামিক সংগঠন এটাই আতিছৰ এনে পদক্ষেপক ইছলামিক আদৰ্শৰ পৰিপন্থী হিচাপে অভিহিত কৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে। আতিছৰ উদাৰ মছজিদলৈ অহা লোকসকলকো হত্যাৰ ভাবুকি প্ৰদান কৰিছে মৌলবাদী সংগঠনসমূহে।

ইমানৰ পিছতো কিন্তু অবিচল আতিছ। মুছলিম মহিলাসকলৰ বোৰ্খা পিন্ধা পৰম্পৰাৰো ঘোৰ বিৰোধী মানৱাধিকাৰী কৰ্মীগৰাকী। সেয়ে তেওঁৰ উদাৰ মছজিদত বোৰ্খা পিন্ধি কোনো মহিলাকে প্ৰৱেশ কৰিবলৈ দিয়া নহয়।