newsnextone.com | গোলকগঞ্জঃ ধুবুৰী জিলাত খাদ্য সুৰক্ষা যোঁজনা, অন্তোদয়া অন্ন যোঁজনাৰ চাউল বিতৰণত খেলি-মেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এখন গাঁও পঞ্চায়ত সমিতিৰ বিৰুদ্ধে৷ হিতাধিকাৰীৰ পৰা চাউল-কেৰাচিন কৰ্তন কৰি ধন ঘটিব খোজাৰ অভিযোগ উত্থাপন হৈছে বিছনদৈ গাঁও পঞ্চায়ত সমিতিৰ বিষয়-ববীয়া আৰু একাংশ এজেণ্টৰ বিৰুদ্ধে৷ হিতাধিকাৰীৰ চাউল-কেৰাচিন কৰ্তন কৰা বুলি গ্ৰাহকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

এজেণ্টে চাউল-কেৰাচিন বিতৰণৰ ক্ষেত্রতো ব্যাপক অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই। দীৰ্ঘদিন ধৰি এজেণ্টে চলাই অহা এনে অনিয়মৰ বিৰুদ্ধে খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্রমা কাৰ্যালয়ক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই যদিও অভিযোগ গুৰুত্ব প্ৰদান কৰা নাই বুলি কয় ৰাইজে৷

দেশৰ খাটিখোৱা দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে প্ৰদান কৰি অহা কম মূল্যৰ চাউল ধুবুৰী জিলাৰ বিছনদৈ সমবায় সমিতিৰ চাউল বিতৰণৰ নামত ব্যাপক লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোঁজনা, অন্তোদয়া অন্ন যোঁজনাৰ অধিনত দৰিদ্ৰ হিতাধিকাৰীৰ বাবে যোগান ধৰা চাউল হিতাধিকাৰীক হিচাপতকৈ কমকৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে এজেণ্ট আৰু সমবায় সমিতিৰ বিৰুদ্ধে৷ গোলকগঞ্জৰ বিছনদৈ গাঁও পঞ্চায়ত সমবায় সমিতিৰ অন্তৰ্গত বৰুনডাঙাৰ এজেণ্ট মানিক সাহা, জাকিৰ হুছেইন, আশ্ৰাফুল হক, ধীৰেন্দ্ৰ নাথ ৰায়ৰ লগতে কেইবাগৰাকী এজেণ্টৰ বিৰুদ্ধে হিতাধিকাৰীক প্ৰায় ১ কেজিকৈ চাউল কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

অভিযোগ মতে, সমানে চাউলৰ লগতে কেৰাচিন কমকৈ দিয়াৰো অভিযোগ উত্থাপন হয়৷ এজেণ্ট মানিক সাহাই চাউল-তেল হিতাধিকাৰীক কমকৈ দিয়াৰ কথা স্বীকাৰ কৰে তেওঁৰ পত্নীয়ে। এজেণ্ট জাকিৰ হুচেইনে কেমেৰাৰ সন্মুখতে চাউল-কেৰাচিন কমকৈ দিয়াৰ কথা স্বীকাৰ কৰে।

মুঠতে বিচনদৈ সমবায় সমিতিৰ প্ৰতিজন ডিলাৰে দৰিদ্ৰ হিতাধীকাৰীৰ চাউল আৰু কেৰাচিন কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰে। কিন্তু এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই যোগান পৰিদর্শকে। ৰাইজৰ অভিযোগ মতে, ধুবুৰী জিলা যোগান বিভাগৰ লগত সমবায় সমিতি সমূহৰ গোপন বুজাবুজিৰ বাবে সমবায় সমিতিয়ে প্ৰতিজন হিতাধিকাৰীৰ পৰা চাউল-কেৰাচিন কৰ্তন কৰি আহিছে৷ প্ৰতিজন হিতাধিকাৰীক ৫০০ গ্ৰাম চাউল আৰু কেৰাচিন এক লিটাৰ কমকৈ দি সকলোৱে লগেভাগে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হয়৷