newsnextone.com | গুৱাহাটীঃ ‘পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰাটো বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল৷ সেই প্ৰতিশ্ৰুতি পূৰণত বিজেপি চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷’ এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ মঙলবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী কংগ্ৰেছৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷ বিজেপিক চৰম ব্যৰ্থ চৰকাৰ আখ্যা দি ৰিপুণ বৰাই সংবাদমেলত কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক বাতাবৰণৰ লগতে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায়৷ 

ৰাজ্যত অলপতে সম্পন্ন হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰীক্ষাত সংঘটিত হোৱা গাফিলতিক লৈ মন্তব্য আগবঢ়ায় ৰিপুণ বৰাই৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে সংবাদল অনুষ্ঠিত কৰি কোৱা ‘পি এণ্ড আৰ ডি পৰীক্ষাত কোনো বিসংগতি নাই’ মন্তব্যৰ সমালোচনা কৰি ৰিপুণ বৰাই কয় যে পি এণ্ড আৰ ডি পৰীক্ষাৰ বিসংগতিৰ চিবিআই তদন্ত কৰিব লাগে৷ আনহাতে পৰীক্ষাটোত যদি বিসংগতি সংঘটিত হোৱাই নাই তেন্তে মন্ত্ৰী নৱ দলে কিয় তদন্তৰ নিৰ্দেশ দিছে বুলিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীক উভটি ধৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ 

আনফালে ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী নৱ দলেক মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে ৰিপুণ বৰাই৷ নিজৰ বিভাগটো সুচাৰু ৰূপে চলাই নিব নোৱাৰা ব্যৰ্থ মন্ত্ৰী নৱ দলেৰ পৰা অসমবাসীয়ে কি আশা কৰিব পাৰিব বুলিও তীব্ৰ কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ 

ইফালে ৰিপুণ বৰাৰ তীব্ৰ সমালোচনাৰ পৰা বাদ নপৰিল বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ নামো৷ অমিত শ্বাহে কৰ্ণাটকত জেডিএছ আৰু কংগ্ৰেছৰ মিত্ৰতা আনহোলী বুলি কোৱাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ গৰাকীক উভটি ধৰে ৰিপুণ বৰাই৷ কৰ্ণাটকত কংগ্ৰেছ-জেডিএছৰ মিত্ৰতা যদি আনহোলী তেন্তে কাশ্মীৰত পিডিপি আৰু বিজেপিৰ মিত্ৰতা কিদৰে হোলী হ’ব পাৰে বুলি অমিত শ্বাহক উভটি ধৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷

কৰ্ণাটকত জেডিএছ-কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত ৰিপুণ বৰাই সংবাদমেলত কয় যে কৰ্ণাটকত জেডিএছ আৰু কংগ্ৰেছৰ মিত্ৰতা প্ৰাক নিৰ্বাচনী কালৰ পৰাই আছিল৷ মিত্ৰতাৰ কথা অৱহত হৈয়েই কৰ্ণাটকৰ জনতাই ভোট দিছিল বুলিও মন্তব্য কৰে ৰিপুণ বৰাই৷ আনহাতে নিৰ্বাচনত কংগ্ৰেছে বিজেপিত কৈ ৭ লাখ ভোট বেছি পাইছে বুলি দাবী কৰি ৰিপুণ বৰাই কয় যে কৰ্ণাটক ভোট শ্বেয়াৰ বিজেপিতকৈ কংগ্ৰেছৰ বেছি৷

ইফালে দেশত প্ৰতিদিনে অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিত অসন্তুষ্টি প্ৰকাশ কৰে ৰিপুণ বৰাই৷ মূল্য বৃদ্ধিৰ মূলতে বিজেপি চৰকাৰ বুলি অভিযোগৰ আঙুলি টোঁৱাই তেওঁ কয় যে বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিত পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বিজেপিৰ এই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰি পেট্ৰল-ডিজেলৰ মূল্যই অভিলেখ গঢ়িছে৷ ইয়ে বিজেপি চৰকাৰৰ ব্যৰ্থতা প্ৰকাশ কৰে৷

আনহাতে কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে পেট্ৰল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰি ৰখা হৈছিল বুলিও অভিযোগ কৰে সভাপতিগৰাকীয়ে৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্ব সামৰণি পৰাৰ পিছতেই বিজেপি চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি কৰি কৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপিক কটাক্ষ কৰে৷