newsnextone.com | খেৰণিঃ বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাত ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন নাও দুৰ্ঘটনা গ্ৰস্ত হৈ এক হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হয়৷ ১০গৰাকী ছাত্ৰ-ছাত্ৰী আৰু আন কেইবাগৰাকী যাত্ৰী সহ হোজাই জিলাৰ দিশৰ পৰা পশ্চিম কাৰ্বি আংলং অভিমুখে আহি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়৷ 

ঘটনা সংঘটিত হোৱাৰ পিছতে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বৰষুণ দি থকাৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা কপিলি নৈৰ মাজ ভাগত সংঘটিত এই ঘটনাৰ পিছতে চৌদিশে চিঞৰ বাখৰ আৰম্ভ হয়৷ একাংশ পাৰ্গত সাতুৰবিদে পাৰৰ পৰা নৈৰ মাজলৈ গৈ আৰু অইন এখন নাৱেৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আন যাত্ৰীক উদ্ধাৰ কৰে৷ 

নৈৰ বুকুত ১০গৰাকী ছাত্ৰ-ছাত্ৰী সহ এখন নাও ডুব যোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ পশ্চিম কাৰ্বি আংলঙত সংঘটিত হয় এই ঘটনা৷ পশ্চিম কাৰ্বি আংলঙৰ চিলডুবিত কপিলি নৈত বুধবাৰে দুপৰীয়া প্ৰায় ১০গৰাকী ছাত্ৰ-ছাত্ৰী আৰু আন যাত্ৰী সহ নাওঁখন ডুব যায়৷ 

ঘটনাৰ খবৰ পোৱা মাত্ৰকে শ-শ লোক নৈৰ পাৰত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক বহু সময়ৰ মূৰকত নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নাওঁ খন হোজাই জিলাৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ চিলডুবি হাই স্কুললৈ ছাত্ৰ ছাত্ৰীক লৈ আহিছিল। স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য যাত্ৰীসকলৰ। ঘটনাস্থলিত সৃষ্টি হয় এক হাহাকাৰ সদৃশ পৰিৱেশৰ।