ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ RSSৰ ভাতৃ সংগঠণ মজদুৰ সংঘই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দেশৰ বিমানবন্দৰ সমূহ ব্যক্তিগতকৰণ কৰি ভূ-মাফিয়াসকলক সহায় কৰিব বিচৰা বুলি কয়। মজদুৰ সংঘই এই ঘটনাক ভ্ৰষ্টচাৰৰ ঘটনা আখ্যা দিয়ে৷ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক পৱন কুমাৰে কেন্দ্ৰীয় বাজেটত চৰকাৰে ১২৫টা বিমানবন্দৰৰ উন্নয়ন কৰাৰ কথা উল্লেখ কৰা বিষয়টোক উভতি ধৰি চৰকাৰে ভূমি অধিগ্ৰহণ আৰম্ভ কৰা বুলি কয়৷

কিন্তু এতিয়া চৰকাৰে বিমান বন্দৰ ব্যক্তিগতকৰণ কৰাৰ কথা উল্লেখ কৰে। ব্যক্তিগতকৰণে বিজেপিৰ ভ্ৰষ্টচাৰ স্পষ্ট হৈ পৰাৰ লগতে প্ৰশ্ন উত্থাপন হৈছে এয়া ভূমাফিয়াৰ কাণ্ডটো নহয় বুলি প্ৰশ্ন উত্থাপন কৰে মজদুৰ সংঘই৷ ভাৰতীয় মজদুৰ সংঘ আৰএছএছৰ ভাতৃ সংগঠন। কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা বিষয়ক লৈ অসন্তুষ্ট মজদুৰ সংঘই আক্ৰমণৰ লক্ষ্য কৰি বিজেপিক ভ্ৰষ্টচাৰি বুলি কয়।

বাজেটত কৃষক-শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি মজদুৰ সংঘই ২০ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত সাব্যস্ত কৰিব৷ এনডিএৰ বাজেট দেশৰ শ্ৰমিকৰ বাবে নিৰাশজনক বাজেট বুলি কয়৷ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোডী চৰকাৰে তেওলোকৰ কাৰ্যকালৰ অন্তিম পূৰ্ণ বাজেটত আশা, অংগনবাড়ী, স্কুলৰ ৰান্ধনীসকলৰ বাবে একো নথকা বুলি কয়।

আনহাতে দীৰ্ঘদিন ধৰি অংগনবাড়ী, স্কুলৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি হোৱা নাই বুলি কয় সংগঠনটোৱে৷ এই সকল লোকক উপেক্ষিত কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদৰ প্ৰতি ৫ বছৰৰ মূৰকত বৃদ্ধি কৰাৰ বাবে সমিতি গঠন কৰা বুলি কটাক্ষ কৰে৷ চৰকাৰে গাঁও, গঢ়িব, শ্ৰমিক, কৃষকৰ বাজেট বুলি প্ৰচাৰ কৰি আহিছে আৰএছএছৰ বাতৃ সংগঠনে বাজেটৰ আচল স্বৰূপ উলিয়াই দিয়ে৷ সংগঠনটোৱে ২০ ফেব্ৰুৱাৰীত দেশজুৰি কলা দিৱস পালন কৰি মজদুৰ সংঘৰ দাবী মানি নললৈ তীব্ৰ আন্দোলন অব্যাহত থাকিব বুলি কয় সংগঠনটোৱে৷