newsnextone.com। তেজপুৰঃ দেওবাৰে নিশা তেজপুৰৰ কুণ্ডাৰবাৰীত তীব্ৰ বেগত মটৰ চইকেলৰে সেনাৰ পকী বেনাৰত খুন্ধা মৰাৰ ফলত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

ফলত মিলনপুৰ শইকীয়া চুবুৰিৰ দুই যুৱকে কৰুণভাৱে মৃত্যুক সাবতি লব লগা হয়। বিশ্বকৰ্মা পূজাৰ বাবে সামগ্ৰী ক্ৰয় কৰি বালিপুখুৰি তিনিআলিৰ পৰা ঘুৰি অহাৰ সময়তে কুণ্ডাৰবাৰীৰ সেনাৰ অলকা কোম্পানীৰ সমীপত থকা পকী বেৰত খুণ্ডা মাৰে।

মটৰ চাইকেলৰ খুণ্ডাত বেৰখনৰ একাংশ ভাঙি পৰে। ফলত যুৱক দুজনৰ থিতাতে মৃত্যু হয়। নিহত যুৱক দুজন ৰূপম কলিতা(৩১) আৰু মোহন দাস (৩২) বুলি জানিব পৰা গৈছে। যুৱক দুজনৰ মৃত্যুত তেজপুৰৰ মিলনপুৰত লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।