Home বিশ্বহঠাত বেগ বাঢ়িল স্বয়ংক্ৰিয় খটখটিৰ

হঠাত বেগ বাঢ়িল স্বয়ংক্ৰিয় খটখটিৰ

by News Desk
74 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ইটালীৰ এটা ব্যস্ত মেট্ৰ’ ষ্টেচন। নাম ৰিপাবলিকা ষ্টেচন। লাখ লাখ মানুহৰ অহা-যোৱা। ষ্টেচনৰ কাষতে অৱস্থিত ষ্টেডিয়ামখনত ফুটবল খেল আছে। খেলখনত ৰোমৰ প্ৰতিদ্বন্দী ৰাছিয়ান ক্লাব চি এছ কে এ-মস্কো। খেল আৰম্ভ হ’বলৈ মাত্ৰ এঘন্টা বাকী। ব্যস্ততা বাঢ়িছে ৰিপাব্লিকা ষ্টেচনতো। এনেতে ঘটিল অঘটনটো। ষ্টেচনৰ এস্কেলেটৰৰ বেগ হঠাতে বাঢ়ি গ’ল। দীঘলীয়া এস্কেলেটৰত উঠি থকা অৰ্ধ শতাধিক যাত্ৰীয়ে হেৰুৱাই পেলালে নিজৰ ভাৰসাম্য। যেনি-তেনি ছিটিকি পৰিল তেওঁলোক। আহত হ’ল ২০ জন। ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক।

স্থানীয় প্ৰশাসনে জনাইছে যে দুৰ্ঘটনাটোৰ সময়ত ৰাছিয়ান ক্লাবৰ সমৰ্থকসকল স্বয়ংক্ৰিয় খটখটিত উঠি আছিল। তেওঁলোকৰ অধিকাংশই ভৰিত দুখ পাইছে। এস্কেলেটৰৰ ফাঁকত ভৰি সোমাই যোৱাত কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে, ফুটবল খেল চাবলৈ অহা ৰাছিয়ান কেইজনমান সুৰামত্ত অৱস্থাত আছিল আৰু তেওঁলোকে নাচি-বাগি জঁপিয়াই আহিছিল। অৱশ্যে ৰাছিয়াৰ সমৰ্থকসকলে এই অভিযোগ অস্বীকাৰ কৰিছে। এই ঘটনাৰ পাছতে ৰিপাবলিকা মেট্ৰ’ ষ্টেচনৰ লগতে কাষৰীয়া ষ্টেচনসমূহ বন্ধ কৰি দিয়া হৈছে। কালি সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাৰ তদন্ত দিয়া হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0