ৰঙাপৰাঃ ৰঙাপৰা সমষ্টিত আজিও একাংশ ৰাইজে দুৰ্ভাগ্যজনকভাৱে বিভিন্ন সুবিধাৰপৰা বঞ্চিত হৈ আহিছে। নদীৰ ওপৰত পকী দলং নথকাৰ ফলত স্থানীয় ৰাইজে নিজেই গাঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি ল’বলগীয়া হৈছে।
ৰঙাপৰা নগৰৰ সমীপৱৰ্তী ৰঙাপৰা চাহ বাগিচাৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথচোৱাত থকা ডিপোটা নদীখনৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বাঁহৰ দলঙৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হৈছে।
দীৰ্ঘদিনৰপৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে বিপদ সংকূলভাৱে অহা-যোৱা কৰি আহিছে। নৈখনৰ ওপৰত সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং সাজি লবলৈ বাধ্য হৈছে। ইফালে বাঁহৰ দলঙখনৰপৰা পৰি কেইবা গৰাকী ব্যক্তি আঘাত প্ৰাপ্ত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷