ডিজিটেল ডেস্কঃ বিকট শব্দ কৰা দুচকীয়া বাহনৰ দিন এতিয়া নাই। কিয়নো যুগৰ লগে লগে প্ৰযুক্তি সলনি হ’ল। নাইকিয়া হ’ল সেই কাণ ঘোলা কৰা ইঞ্জিনবোৰৰ বিকট শব্দ। শব্দ প্ৰদূষণৰ প্ৰতি মানুহ সচেতন হ’ল।
কিন্তু সলনি নহ’ল ৰয়েল এনফিল্ড। ৰয়েল এনফিল্ডৰ ডাগ্ ডাগ্ শব্দই তাহানিৰে পৰা পৰিচয় হৈ ৰ’ল এনফিল্ডধাৰীৰ শৌৰ্য্যৰ। সিমানখিনিটো ঠিকেই আছিল¸ কিন্তু একাংশ শৌৰ্যধাৰীৰ ইচ্ছাত সেই শব্দৰ লগত সংযোজিত হ’ল বিকট বিস্ফোৰণৰ শব্দ।
এটা কথা জানি আচৰিত হ’বলগা যে বৰ্ধিত এই শব্দৰ লগত বাইকৰ দক্ষতাৰ কোনো সম্পৰ্ক নাই। তৎস্বত্বেও আটাইতকৈ বেছি শব্দ কৰাব পৰা ৱৰ্কশ্বপতেই লাগে এনফিল্ডধাৰীৰ ভিৰ।
কিন্তু অতিষ্ঠ হৈছে একাংশ। বাংগালুৰু আৰু মহীশূৰত এনে বিকট শব্দ কৰা দুচকীয়া বাহন¸ বিশেষকৈ ৰয়েল এনফিল্ডৰ বিৰুদ্ধে ভালেমান গোচৰ ৰুজু হোৱাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে হাতত লৈছে কঠোৰ পদক্ষেপ।
২০১৬ বৰ্ষত বাংগালুৰু আৰু পুণেত যান-বাহন আৰক্ষীয়ে কেৱল জৰিমনা ভৰাই এৰি দিছিল এনে বিকট শব্দধাৰী বাইক চালকক। কিন্তু এইবাৰ আৰক্ষীৰ হাতত আছে হাতুৰী।
জৰিমনাৰ লগতে এইবাৰ চালকৰ চকুৰ আগতে চাইলেঞ্চাৰ খুলি হাতুৰীৰে কোবাই কোবাই চেপেটা কৰিহে এৰিছে আৰক্ষীয়ে। কিয়নো যান-বাহন আইন উলংঘা কৰি আহিছে এই বিকট শব্দ কৰা এনফিল্ডে।
Rushlane.com ৰ প্ৰতিবেদন মতে ৰাস্তাৰ যান-বাহনৰ বাবে নিৰ্ধাৰিত ৯০ ডেচিবেলৰ সীমা অতিক্ৰম কৰে এনে কাণ তাল মৰা শব্দই। সেয়ে আৰক্ষীয়ে যান-বাহন আইনৰ ধাৰা ১৯০ (২) ৰ অধীনত জৰিমনা ভৰোৱাৰ লগতে উধে-মুধে কোবাই অৱস্থা নাইকিয়া কৰিছে এনে চাইলেঞ্চাৰ পাইপৰ। কি ডলফিন¸ কি হাৰিকেন- সকলো চাইলেঞ্চাৰে হাতুৰীৰ কোবত আকাৰ সলাইছে।
গতিকে ৰজাৰ দৰে¸ কিন্তু প্ৰজাই কষ্ট নোপোৱাকৈ প্ৰকৃতিৰ প্ৰতি সচেতন হৈ বাইক চলাবৰ হ’ল বুলি আৰক্ষীয়ে এক প্ৰকাৰ ঘোষণা কৰিছে। অৱশ্যে অসমত এই অভিযান এতিয়ালৈ চলা নাই।