গুৱাহাটীঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পুনৰ সৰৱ হৈ পৰে তেজপুৰৰ বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা আৰ পি শর্মা। মন্ত্ৰীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে ২০২১ লবি ৰাজনীতিৰ অৱসান ঘটায় ৰাজ্যত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হ’ব। য’ত বিজেপি দলে লাভ কৰিব ৭০-৮০ খন আসন। লগতে ২০২১ চনৰ চৰকাৰত সৰ্বানন্দ সোণোৱাল বিজেপি দলত থাকিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপি থাকিবলৈ নাপায় বুলিও তেওঁ কয়৷
সাংসদ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰপৰা খেদা খোৱা নেতা বুলি কটাক্ষ কৰি কয়৷