ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৬ খন ৰাজ্যত ৰাজ্য সভাৰ ২৫ খন আসনৰ ভোটগ্ৰহণৰ লগতে ভোটগণনাও অনুষ্ঠিত হয়৷ শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটদান পৰ্ব৷ যোৱা এপ্ৰিল মাহত ৰাজ্যসভাৰ ৫৯খন আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত ১০ খন ৰাজ্যত শুকুৰবাৰে ২৬খন আসনৰ বাবেহে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷
ৰাজ্য কেইখন হৈছে উত্তৰ-প্ৰদেশ, পশ্চিম বংগ, কৰ্ণাটক, ঝাৰখণ্ড, কেৰেলা, চট্টীশগড় আৰু তেলেংগানা৷ ৰাজ্যকেইখনৰ ভিতৰত উত্তৰপ্ৰদেশৰ নিৰ্বাচনে সকলোৰে দৃষ্টিগোচৰ আকৰ্ষণ কৰিছে৷ কিয়নো ৰাজ্যখনত ১০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে৷ ইয়াৰে এখন আসনকলৈ তুমুল প্ৰতিদ্বন্বিতা হোৱাৰ সম্ভাৱনা আছে৷