newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি বিৰোধী দলে ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী থিয় কৰাবলৈ সাজু হৈছে। মঙলবাৰে কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত একপ্ৰকাৰ এই কথা স্পষ্ট কৰে। বিৰোধী দল সমূহে একত্ৰিত হৈ ৰাজ্যসভাৰ উপ-সভাপতি পদৰ বাবে প্ৰাৰ্থী থিয় কৰাব। মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰবাদী কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ বন্দনা চবহান হ'ব বিৰোধী দলৰ প্ৰাৰ্থী।

কিন্তু সাংসদ বন্দনা চবহানে এই প্ৰচাৰক নুই কৰে। বন্দনাই কয় যে যদি কোনো মহিলা ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনত জয়ী হয় মই আনন্দিত হ'ম। কিন্তু  এই ক্ষেত্ৰত কোনো সিদ্ধান্ত হোৱা নাই। বিৰোধী দলৰ বৈঠক অনুষ্ঠিত হৈছে সিদ্ধান্ত লওতে অলপ সময় লাগিব। 

জানিব পৰা মতে, সাংসদ বন্দনাৰ পিতৃ বিজয় ৰাও দেশৰ এগৰাকী আগশাৰীৰ অধিবক্তা আছিল। বন্দনাৰ স্বামী হেমন্ত চবহান এগৰাকী খ্যাতি থকা অধিবক্তা। ১৯৯৭-৯৮ চনত পূণে চহৰৰ মেয়ৰ আছিল বন্দনা। সৰ্বভাৰতীয় মেয়ৰ কাউন্সিলৰ উপ-সভাপতিৰ দায়িত্বতো আছিল। ৰাজনীতিৰ পাঠ সুৰেশ কালমাদীৰ পৰা গ্ৰহণ কৰিছিল বুলি কব পাৰি। আনহাতে মেয়ৰ হৈ থকা সময়ত একাংশ লোকৰ ব্যাপক বিৰোধিতা সত্বেও জৈৱ বৈচিত্র্য উদ্যান স্থাপনৰ বাবে সাহস গোটাইছিল বন্দনাই। 

ইয়াৰ পূৰ্বে একালৰ জ্যেষ্ঠ সাংবাদিক তথা বিহাৰৰ জেডিইউ দলৰ ৰাজ্যসভাৰ সাংসদ হৰি বংশক উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হ'ব বুলি ঘোষণা কৰে বিজেপি তথা এনডিএ। এনডিএৰ মিত্ৰজোঁটৰ অংশীদাৰী দল বিহাৰৰ জেডিইউৰ নেতাক এই পদ এৰি দি বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে জেডিইউক সন্তুষ্ট কৰাৰ চেষ্টা কৰাৰ প্ৰয়াস কৰিব। কিয়নো দুয়ো দলৰ মাজত সময়ে সময়ে মনোমালিন্য হোৱা দেখা যায়।

আনহাতে বিজেপিৰ অন্যতম সহযোগী পঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি অকালী দল আৰু শিৱসেনাই হৰি বংশৰ প্ৰাৰ্থীত্বক মানি লোৱা নাই বুলি জানিব পৰা গৈছে। অকালী দলে তেওঁলোকৰ ৰাজ্যসভাৰ সাংসদ নৰেশ গুজৰালক ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী হিচাপে থিয় কৰিব খুজিছিল। কিন্তু অকালী দলে অভিযোগ উত্থাপন কৰা মতে, বিজেপিয়ে কোনো আলোচনা নকৰাকৈ প্ৰাৰ্থী থিয় কৰিছে। সমানে শিৱসেনাও নাৰাজ হৈ পৰিছে।

ৰাজ্যসভাৰ নতুন উপাধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে ৯ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হ'ব। সোমবাৰে সংসদৰ শূন্যকালত এই কথা উল্লেখ কৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে। ০৮ আগষ্টৰ দিনৰ ১২ বজালৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব উপাধ্যক্ষ পদৰ প্ৰাৰ্থীয়ে। অধ্যক্ষ নাইডুৱে কয় যে ৯ আগষ্টৰ পুৱা ১১ বজাত জৰুৰী তথ্য পাতি সদনত ৰখা হ'ব আৰু উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। পূৰ্বৰ উপাধ্যক্ষ পি জে কুৰিয়ানৰ কাৰ্যকাল জুলাই মাহত সমাপ্ত হয়।