বেইজিংঃ মাত্ৰ ১ মিনিট ৩৬.৯ ছেকেণ্ডত এজন কিশোৰে দেখুৱালে এক অসাধাৰণ চমক৷ একেলগে দুয়োখন হাত ভৰি ব্যৱহাৰ কৰি তিনিটাকৈ ৰুবিক্স কিউব একেলগে সমাধান কৰি চীনৰ জিয়ামেনৰ কু জিয়ানুয়ে গঢ়িলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড।
কিশোৰটিয়ে ওলোটাকৈ ওলমি মাত্র ১৫.৮৪ ছেকেণ্ডৰ ব্যৱধানত সমাধান কৰিলে আন এটা ৰুবিক্স কিউব। একেবাৰতে তিনিটা ৰুবিক্স কিউব সমাধানৰ আচৰিত খেলটো কিশোৰজনে শিকিছিল এটা ভিডিঅ’ৰ জৰিয়তে। যোৱা বৃহস্পতিবাৰে আপলোড কৰা এই ভিডিঅ’টোৰ দৰ্শকৰ সংখ্যা এতিয়ালৈকে ৪০,০০০ত কৈও অধিক হৈছে।