Home ৰাজনীতিকেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ দূৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰূপক শৰ্মাৰ সংবাদ মেল

কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ দূৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰূপক শৰ্মাৰ সংবাদ মেল

by News Desk
72 views
A+A-
Reset

বিহালীঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষনত আজি অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰূপক শৰ্মাই এক সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰখনৰ কেবিনেট মন্ত্রী ৰঞ্জিত দত্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ বিহালীৰ গ্ৰীন আচিয়ানাত আয়োজিত সংবাদ মেলত কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই নিৰ্বাচনৰ পবিত্রতা উলংঘন কৰি কংগ্ৰেছ প্ৰাৰ্থীক বিভিন্ন প্ৰলোভনৰ ৰাজনীতি কৰিছে৷ তদুপৰি বিগত আঢ়ৈ বছৰীয়া পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ পৰিবৰ্তনৰ কামকাজৰ ফটাঢোল বজাই,নানা ভয়-ভাবুকিৰে পঞ্চায়তৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ  অভিযোগ উত্থাপন কৰে৷ লগতে এই সংবাদলমেলত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক তীক্ষ্ণ সমালোচনা কৰি মন্ত্ৰী দত্তৰ দূৰ্নীতিৰ বিৰূদ্ধে সোচ্ছাৰ হৈ পৰে৷ সংবাদ মেলত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰূদ্ধে উত্থাপন কৰে পৰ্বতসম দূৰ্নীতিৰ তথ্য ৷

শাসনাধিস্থ বিজেপি চৰকাৰ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বিগত আঢ়ৈ বছৰীয়া মন্ত্ৰীত্বৰ কাৰ্যকালত পৰিবৰ্তনৰ নামত সংঘটিত কৰিছে অবাধ দূৰ্নীতি৷ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত দিছপুৰত শূন্যসহনশীল দূৰ্নীতিৰ চৰকাৰ খন গঠন হোৱাৰ ৬ মাহৰ ভিতৰতেই বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই  জলসিঞ্চন বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিয়েই অসমৰ ৰাজনীতিৰ ইতিহাসত কোনো কালে সংঘটিত নোহোৱা নজিৰবিহীন কৰ্মকাণ্ড কৰি চিৰজীৱনলৈ অসমৰ ৰাজনীতি কলংকিত কৰি বিহালীবাসী ৰাইজক কলংকিত কৰিলে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0