মৰিয়নীঃ নিবনুৱা সমস্যা সমাধান, বাংলাদেশীয়ে তালি-টোপোলা বন্ধাৰপৰা আৰম্ভ কৰি অসমৰ সীমান্তৰ সমস্যা সমাধানৰ দৰে বিভিন্ন প্ৰতিশ্ৰুতি দি ৩ বছৰ পূৰ্বে ৰাইজৰ বিশ্বাস জিনি ক্ষমতালৈ আহিছিল বিজেপি চৰকাৰ। এই চৰকাৰখনৰ বৰ্ষপূৰ্তিৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ প্ৰাকমুহূৰ্তত এজন বিধায়কে মুকলিকৈ মোদীক তিনিটা প্ৰশ্ন কৰি সম্প্ৰতি চৰ্চালৈ আহিছে।

মোদীক প্ৰশ্ন কৰা ১০১ নং মৰিয়নী বিধানসভাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথমেই প্ৰশ্ন কৰিছে সংস্থাপনক লৈ। দেশৰ বিভিন্ন সংবাদমাধ্যমত মোদীৰ শাসনকালত দেশত সংস্থাপনৰ হাৰ লেখত ল’বলগীয়া বুলি প্ৰকাশ পোৱাৰ সময়তে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে কুৰ্মীয়ে।

মোদী ২০১৪ চনত অসমলৈ আহোতে নিৱনুৱা যুৱক-যুৱতীক দিয়া চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি কি হ'ল বুলি প্ৰশ্ন কৰে কুৰ্মীয়ে৷ বহু যুৱক-যুৱতীয়ে ছ’চিয়েল মিডিয়াযোগে মোদীৰ এই ভাল খবৰ সমগ্ৰ ৰাজ্যতে প্ৰচাৰ কৰিলে যদিও তিনিটাকৈ বছৰ পাৰ হোৱাৰ পিছত সেই একেখিনি যুৱক-যুৱতীয়ে সংস্থাপন নোহোৱাৰ অভিযোগ উত্থাপিত কৰিবলৈ বাধ্য হৈ পৰিছে বুলিও উল্লেখ কৰে বিধায়কজনে। 'অনুগ্ৰহ কৰি চাকৰি কেতিয়া আৰু কিমানক দিব যুৱক-যুৱতীসকলক মোদীয়ে জনাবনে?’- কুৰ্মীৰ প্ৰশ্ন। 

একেদৰে ২০১৪ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমত এজনো বাংলাদেশী নাথাকিব বুলি কোৱা কথাষাৰো মনত পেলাই দিয়ে কুৰ্মীয়ে। 'সকলো তালি-টোপোলা বান্ধি যাব লাগিব’ বুলি মোদীয়ে কোৱাৰ পিছত এই বিষয়ত খতিয়ান বিচাৰি কুৰ্মীয়ে সুধিছে- 'এতিয়া কিমান বাংলাদেশী খেদিলে আৰু কিমান খেদিবলৈ বাকী আছে কেতিয়া খেদিব সেয়া মোদীয়ে জনাবনে?’

আন এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও নিজৰ প্ৰশ্নত সন্নিবিষ্ট কৰে কুৰ্মীয়ে। অসম-নাগালেণ্ড সীমা সমস্যা প্ৰায় তিনিটা দশকজুৰি উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত কিহৰ ভিত্তিত এন‌এছচিএনৰ লগত চুক্তিবদ্ধ হ'ল সেই বিষয়ত সন্দেহ ব্যক্ত কৰে বিধায়ক কুৰ্মীয়ে। প্ৰশ্নৰ চলেৰে মোদীক কটাক্ষ কৰি কুৰ্মীয়ে কয় যে স্বচ্ছ ভাৰতৰ কথা কোৱা মোদীয়ে এই চুক্তিও স্বচ্ছভাৱে ৰাইজক জনালেনে?