ডিজিটেল ডেস্কঃ অৱশেষত ধৰা পৰিল সমগ্ৰ বিশ্বতে ভাইৰাছৰ দৰেকৈ বিয়পি পৰা ব্লু হোৱেল গেমৰ এডমিন। ১৭ বছৰ বয়সৰ এগৰাকী কিশোৰীক ব্লু হোৱেল গেমৰ মাষ্টাৰমাইণ্ডৰ সন্দেহত ৰাছিয়াৰ আৰক্ষীয়ে অলপতে গ্ৰেপ্তাৰ কৰে।

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

চলিত বৰ্ষৰ মে’ মাহত ৰুছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ব্লু হোৱেল গেমৰ উদ্ভাৱক ফিলিপ বুডকিনক। ইয়াৰ পিছতে এইবাৰ জালত পৰে কিশোৰীগৰাকী। ৰাছিয়াৰ কামাচকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কিশোৰীগৰাকীক। ধৃত কিশোৰীগৰাকীৰ পৰা আৰক্ষীয়ে ব্লু হোৱেল সংক্ৰান্তীয় অনেক তথ্য আৰু প্ৰমাণ লাভ কৰা বুলি জানিব পৰা গৈছে।

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, কিশোৰীগৰাকীৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে ব্লেডেৰে হাত কটা ছবি, নীলা তিমিৰ পোষ্টাৰ। জানিব পৰা মতে, নিজেই এসময়ত এই মৃত্যুৰ খেল খেলিছিল কিশোৰীগৰাকীয়ে।

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

কিন্তু নিজক হত্যা নকৰি খেলবিধৰ এডমিন হৈ পৰে। খেলিবলৈ অইনক বাধ্য কৰাটোৱে আছিল তেওঁৰ কাম। কোনো পাৰ্টিচিপেণ্টে শেষ ষ্টেপৰ পিছত আত্মহত্যা নকৰিলে কিশোৰীগৰাকীয়ে ধমকি দিছিল বুলিও জানিব পৰা গৈছে।