ডিজিটেল ডেস্কঃ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ ঘটাৰ লেখীয়া গৃহযুদ্ধৰে জৰ্জৰিত মধ্যপ্ৰাচ্যৰ দেশ ছিৰিয়াত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা প্ৰকট। বিভিন্ন ৰাজনৈতিক মহলৰ কটু সমালোচনাৰ পিছতো আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে কালিৰে পৰা ছিৰিয়াত আৰম্ভ কৰিছে আকাশমাৰ্গৰ আক্ৰমণ। বাছৰ অল আছাদে দেশখনত ৰাসায়নিক আক্ৰমণ চলোৱাৰ অভিযোগ তুলি তাৰেই প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ কৰা বুলি সদৰি কৰিছে ট্ৰাম্পে। 

ইতিমধ্যে ছিৰিয়াৰ নাগৰিকৰ সকলোপ্ৰকাৰৰ স্বাধীনতা খৰ্ব হোৱাৰ লগতে জীৱন দুৰ্বিসহ হৈ পৰাক লৈ চিন্তিত আন্তৰাষ্ট্ৰীয় মানৱধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেছনেলে ট্ৰাম্প প্ৰশাসনক সকিয়াই দি কয় যে ট্ৰাম্প প্ৰশাসনে ছিৰিয়ান নাগৰিকৰ প্ৰতি ক্ষয়-ক্ষতি কমোৱাৰ প্ৰতি লক্ষ্য ৰখা উচিত। তদুপৰি ছিৰিয়ান ভগনীয়াক আশ্ৰয় দিয়াৰ বাবেও ট্ৰাম্প প্ৰশাসনক আহ্বান জনায় এমনেষ্টিয়ে। 

আছাদৰ চৰকাৰী পক্ষৰ প্ৰকাশিত তথ্যমতে আমেৰিকা, ফ্ৰান্স আৰু বৃটেইনে যুটীয়াকৈ আৰম্ভ কৰা এই আক্ৰমণত এতিয়ালৈ ৩০ টা মিছাইল ছিৰিয়া ভূমিত প্ৰক্ষেপ কৰা হৈছে। এই আক্ৰমণক একপ্ৰকাৰ পৰিকল্পিত বুলি অভিহিত কৰা ৰাছিয়াৰ আমেৰিকান ৰাষ্ট্ৰদূত এনাটলি এণ্টনভে টুইটাৰত কয়- আমাক আকৌ ভাবুকি প্ৰদান কৰা হৈছে। এনে কাৰ্যৰ ফল উচিত পক্ষই ভুঞ্জিবই লাগিব।