তিনিচুকীয়াঃ অসমৰ ১,১১১ গৰাকী কবিয়ে ধন দি স্বৰচিত কবিতা পাঠ কৰিব অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত। এই সংখ্যক কবিৰ পৰা অহা ২৬ অক্টোবৰৰ পূৰ্বেই সংগৃহীত হ’ব ২ লাখ ৭৭ হাজাৰ ৭৫০ টকা।
উল্লেখ্য যে অহা ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ দ্বাদশ বাৰ্ষিক পঞ্চৰত্ন-গুৱাহাটী অধিৱেশন উপলক্ষে অহা ২৬ অক্টোবৰত প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে আয়োজন কৰা ‘পঞ্চৰত্ন কাব্যতীৰ্থ’ই সচেতন মহলৰ চকু কপালত তুলিছে।
দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ কবি সন্মিলন উপ-সমিতিৰ আহ্বায়ক অনুপ কুমাৰ তালুকদাৰৰ দ্বাৰা প্ৰচাৰিত গোহাৰি-পত্ৰ যোগে কোৱা হৈছে যে আগন্তুক অধিৱেশনত সাহিত্যৰ নাভীস্বৰূপ কবি আৰু কবিতাই এইবাৰ পাব এক অনন্য স্থান, যাৰ বাবে ৩১ জানুৱাৰী, ২০২৬ ৰ পুৱাবেলাৰ পৰা ৩ ফেব্ৰুৱাৰীৰ নিশালৈ ভাষাতত্ত্ববিদ ড° বাণীকান্ত কাকতি সভাঘৰৰ বাকৰিত কবিতাৰ সুবাসেৰে চৌদিশ সুগন্ধি হৈ থাকিব।
এই মধুময় কাব্যানুষ্ঠানৰ চাৰিদিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অহা ২৬ অক্টোবৰত অধিৱেশনৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে এহাজাৰ এশ এঘাৰ (১,১১১) কবিৰ কবিতাৰ শব্দধ্বনিৰে কলাক্ষেত্ৰৰ দশোদিশ মুখৰিত কৰি তোলাৰ এক প্ৰচেষ্টা লোৱা হৈছে। নিয়মাৱলী অনুসৰি এই কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী কবিয়ে পৰিশোধ কৰিব লাগিব ২৫০ টকাকৈ মাচুল।
একেদিনাই দহখন অস্থায়ী মঞ্চত অনুষ্ঠিত হ’ব লগা কাব্যানুষ্ঠানত অংশগ্ৰহণকাৰীয়ে ৪৪২২১৮৩৯১০৭ (বেংক আৰু শাখাৰ নাম উল্লেখ নাই) নম্বৰত কিম্বা তেওঁলোকে যোগান ধৰা স্কেনাৰ যোগে আগতীয়াকৈ আঢ়ৈশ টক মাচুল জমা দিব লাগিব। এই ঘোষণাই অসমৰ কবি সমাজত মাজত তীব্ৰ সমালোচনা চলা পৰিলক্ষিত হৈছে।
আঢ়ৈশ টকাকৈ মাচুলৰ নামত উৎকোচ দি কবিতা এটা পাঠ কৰিবলৈ গোহাৰি জনোৱাটো অসম সাহিত্য সভাৰ ইতিহাসত এয়াই প্ৰথম বুলিও সমালোচনা চলিছে। একেদৰে সমালোচনা চলিছে লিখিত অভিযোগ উত্থাপন হোৱাৰ পিছতো অসম সাহিত্য সভাৰ বিতৰ্কিত সদস্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভতো।
উল্লেখ্য যে অসম সাহিত্য সভাৰ যুৱ সংসদৰ সদস্যা তথা ডুমডুমাৰ বিতৰ্কিত নাৰী সংগঠক ববী বৰাই অসম সাহিত্য সভাৰ সংবিধান উলংঘা আৰু অনুশাসন ভংগ কৰাৰ অপৰাধত তৎকালীনভাৱে অপসাৰিত কৰিবলৈ ডুমডুমা শাখা সাহিত্য সভাই লিখিতভাৱে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক অভিযোগপত্ৰ দাখিল কৰিছিল।
অভিযোগ অনুসৰি ববী বৰাই অসম সাহিত্য সভা, ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতি দেৱেন ডেকা, ডুমডুমাৰ জ্যেষ্ঠ নাগৰিক বিশেষ, ডুমডুমা প্ৰেছ ক্লাব, জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আদিৰ বিৰুদ্ধে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ আগত অশালীন আৰু ভিত্তিহীন মন্তব্য আগবঢ়াই জনমানসত হেয় প্ৰতিপন্ন কৰিছিল।
ডুমডুমাত অনুষ্ঠিত এখন ৰাজহুৱা সভাই ববী বৰাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি অভিযোগপত্ৰ দাখিল কৰাৰ পিছতো অসম সাহিত্য সভাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰয়োজনবোধ নকৰিলে।
একেদৰে চোৰাং কয়লা ব্যৱসায়েৰে জড়িত, ই ডি আৰু আয়কৰ বিভাগে বাসগৃহত তালাচী চলাই তদন্তৰ আওতালৈ অনা মাৰ্ঘেৰিটাৰ সুনীল গুৰুঙৰ দৰে লোকক অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদকৰ দৰে গুৰুদায়িত্ব প্ৰদান কৰি প্ৰমাণ কৰি দিলে যে অসম সাহিত্য সভা প্ৰকৃত সাহিত্য-সংস্কৃতিৰ মঞ্চৰ ব্যতিৰেকে সমাজৰ দাগী আৰু বিতৰ্কিত ব্যক্তিৰ মঞ্চলৈ পৰ্যৱসিত হৈছে। সচেতন মহলৰ প্ৰশ্ন – ‘অসম সাহিত্য সভাৰ পূৰ্বৰ গৰিমা আৰু ঐতিহ্য আকৌ উভতি নাহিব নেকি?
