ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বৃহস্পতিবাৰে জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ 

বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলনামক৷

ৰায় ঘোষণা কৰাৰ লগে লগে আদালতৰ ভিতৰতে আৰক্ষীয়ে জিম্মাত লয় ছলমানক৷ জোধপুৰ জেলত পূৰ্বৰ পৰা ন্যায়িক জিম্মাত থকা ধৰ্ষণৰ অভিযুক্ত আছাৰাম বাপুৰ সৈতে ৰখা হ’ব ছলমান খানক৷

বৃহস্পতিবাৰৰ পৰা জোধপুৰ কেন্দ্ৰীয় জেল হৈছে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ নতুন ঠিকনা৷ এই খন জেলতে আছে ধৰ্ষক ‘বাবা’ আছাৰাম বাপু৷ ২০১৩ চনত স্বঘোষিত গডমেন আছাৰাম বাপুৰ বিৰুদ্ধে এগৰাকী ১৬ বছৰীয়া স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়৷ ২০১৩ চনৰ পৰাই জেলতে আছে বাপু৷

কেৱল আছাৰাম বাপুৱে নহয় জোধপুৰ জেলত আছে ৰাজস্থানৰ শম্ভুলাল ৰেগাৰ৷ যিগৰাকী শম্ভুলালে এগৰাকী মুছলিম যুৱকক লাভ জেহাদ কৰাৰ অভিযোগত কুঠাৰৰ কাটি জ্বলাই দিছিল৷ সেই ভিডিঅ’ খোদ ৰেকৰ্ড কৰি ভাইৰেল কৰিছিল ৰেগাৰে৷