ডিজিটেল ডেস্কঃ যোৱা দুটা দশকত ছলমান খান আৰু ৰাণী মূখাৰ্জীয়ে একেলগে প্ৰায় ছয় খন বোলছবিত কাম কৰিছে৷ কিন্তু কেইবাবছৰো ধৰি তেওঁলোকক একেলগে দেখিবলৈ পোৱা হোৱা নাছিল। কিন্তু সুখৰ খবৰ যে অনতি পলমে তেওঁলোকক একেলগে একেটা চিনেমাঘৰতে দেখিবলৈ পোৱা যাব। এই পপুলাৰ যুটিটো চিত্ৰপ্ৰেমী সকলে দেখিবলৈ পাব অহা খ্ৰীষ্টমাছত।

দৰাচলতে, দুয়ো অভিনেতা অভিনেত্ৰীক একেখন চিনেমাত নহয়, দুয়োৰে নিজা নিজা চিনেমাৰ কাৰণেহে একেলগে দেখা পাব দুয়োৰে অনুৰাগী সকলে৷অহা খ্ৰীষ্টমাছত ছলমানৰ নৱতম চিনেমা 'টাইগাৰ জিন্দা হ্যে' ৰ মুক্তিৰ দিনাখন ৰাণী মূখাৰ্জীৰ 'হিচকী' বোলছবিখনৰ ট্রেইলাৰো মুক্তি দিয়া হ'ব। সেয়েহে চিত্ৰপ্ৰেমী সকলে  চলমানক চোৱাৰ লগতে দেখিবলৈ পাব ৰাণীকো।

১৯৯৯ ত ‘হেল্লো ব্ৰাদাৰ’ বোলছবি খনত দুয়ো অভিনেতা অভিনেত্ৰী প্ৰথম একেলগে কাম কৰিছিল৷ ইয়াৰ পিছত ‘বাবুল’, ‘চোৰি চোৰি চুপকে চুপকে’, ‘হৰ দিল যো প্যাৰ কৰেগা’, ‘কহি প্যাৰ না হো যায়ে’ আদিৰ দৰে জনপ্ৰিয় বোলছবিত এই ৰোমান্তিক যুতিক দেখিবলৈ পোৱা গৈছিল৷