♦ স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰসহ উত্তীৰ্ণ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক মান-পত্ৰ প্ৰদান

ষড়ানন বৰা, চামগুৰিঃ অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ১৯৯৬ চনত পুৰণিগুদামত স্থাপিত পুৰণিগুদাম বিদ্যানিকেতনে বিগত বৰ্ষৰ দৰে এইবাৰো এশ শতাংশৰ উৰ্ত্তীণৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ উপৰি দুজন ছাত্ৰই অসমৰ ভিতৰত সপ্তম আৰু দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এই সফলতাই পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰপৰা মুঠ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে অংকুৰ ৰাজ কাশ্যপে সপ্তম স্থান আৰু মিন্টু গায়নে দশম স্থান লাভ কৰাৰ লগতে ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক, ২৫ গৰাকীয়ে প্ৰথম বিভাগ, ১১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু দুগৰাকী ছাত্ৰই তৃতীয় বিভাগ লাভ কৰে।

আজি উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ আজীৱন সদস্য কৰাৰ বাবে এখন অভিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুনানন্দ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিজ্ঞান সমাৰোহত সকলো ছাত্ৰ-ছাত্ৰীকে একোখনকৈ মান-পত্ৰ প্ৰাদন কৰা হয়।

এই সভাতে স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰ অংকুৰ ৰাজ কাশ্যপ আৰু মিন্টূ গায়নক চামগুৰি বিদ্যুত উপ- সংমণ্ডলৰ তৰফৰপৰা এগৰাকী বিষয়া ভৱজ্যোতি বৰাৰ নেতৃত্বত অহা এটা কৰ্মচাৰীৰ দলে বিশেষভাৱে সম্বৰ্ধনা জনায়।

সভাত স্থানপ্ৰাপ্ত ছাত্ৰ দুজনৰ উপৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁ লোকৰ সফলতাৰ আ‍ঁৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ অৰিহণাৰ বিষয়ে বাখ্যা কৰাৰ লগত বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ শিক্ষক প্ৰয়াত বিশ্বেশ্বৰ বৰাৰ কথা সোঁৱৰে। 

পাৰ হৈ যোৱা সময়ৰ বহু স্মৃতি ৰোমন্থন কৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আবেগিক হৈ পৰা দেখা যায়।সভাত কবি জীৱন নৰহ, শিক্ষাবিদ কমল শইকীয়া, ভবানন্দ বৰা, সাংবাদিক মুনীন্দ্ৰ শইকীয়া, তপন কুমাৰ বৰা, সমাজকৰ্মী প্ৰফুল্ল শইকীয়াৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

সভাত বিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী প্ৰয়াত মায়াংকী কাশ্যপৰ সোঁৱৰণত দুয়োগৰাকী স্থান লাভ কৰা ছাত্ৰক বঁটা প্ৰদা কৰাৰ কথা ঘোষণা কৰাৰ লগতে সমাজকৰ্মী প্ৰফুল্ল শইকীয়াই পিতৃ ফটিক চন্দ্ৰ শইকীয়াৰ সোঁৱৰণত আগবঢ়োৱা আৰ্থিক অনুদান দুয়োগৰাকী স্থান প্ৰাপ্ত ছাত্ৰক অভিজ্ঞান সমাৰোহতে প্ৰদান কৰা হয়।

উল্লেখ যে এই অনুদান ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবৰ বাবে প্ৰফুল্ল শইকীয়াই ২০১১ চনতে ঘোষণা কৰিছিল যদিও এই বৰ্ষতহে স্থান লাভ কৰাত অনুদান এইবাৰ আগবঢ়োৱাৰ সুবিধা লাভ কৰে। সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবলৈ সাৰুৱা ভাষণ আগবঢ়োৱাৰ লগতে নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা তথা পূৰ্বতে নগাঁৱৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰা ত্ৰিদিব বৰাই সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে গীত গাই সকলোকে উৎসাহিত কৰে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা বৰা কলিতাই আঁত ধৰা সভাখনৰ অন্তত বিদ্যালয়ৰ ৰেক্তৰ ৰোহিনী ভূঞাই শলাগৰ শৰাই আগবঢ়ায়।