চামগুৰি: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থী সকলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।বৃহস্পতিবাৰে দুপৰীয়া চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।
পোন প্ৰথমে বকুলতলৰ নামঘৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ লৈ প্ৰায় তিনিশতাধিকলোকৰ সন্মুখত প্ৰদান কৰে ভাষণ। আনহাতে, মণিমাধৱ মহন্তক এনিমিয়া বেমাৰী বুলি কটাক্ষ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উভতি ধৰি মণিমাধৱ মহন্তই তৰুণ গগৈৰ গাত লাচিত আৰু চিলাৰায় তেজ নহয় ভেজাল তেজহে আছে বুলি কটাক্ষ কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৮৫ বছৰত ৰাজনীতি বাকযুদ্ধৰ পৰিবৰ্তে তীৰ্থভ্ৰমণত মনযোগ দিয়াহে উচিত বুলি কয়৷
যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য যথেষ্ট দুখজনক বুলি কোৱাৰ লগতে এইবাৰৰ নিৰ্বাচন দুস্কৃতিৰ বিৰুদ্ধে আৰু সংস্কৃতিৰ জয়গান গাবলৈ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মহন্তই। ইফালে গৌৰৱ গগৈয়ে বিদেশী ছোৱালী বিবাহ কৰা সন্দৰ্ভত গৌৰৱ গগৈক মণিমাধৱ মহন্তই আউপকীয়াকৈ কটাক্ষ কৰে।