চামগুৰিঃ কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মাহন্তৰ হৈ চামগুৰি সমষ্টিৰ বড়ো জনজাতীয় অধ্যুষিত এলেকা ৰূপে খ্যাত চালপাৰাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত একে দলৰে সতীৰ্থ তথা মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম, সাংসদ বিশ্বজীৎ দৈমাৰীসহ সোমবাৰে বিয়লি উপস্থিত হয় হাগ্ৰামা মহিলাৰী। 

এই সভাখনতে সমবেত হোৱা প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থকৰ সন্মুখত বিপিএফ প্ৰধান হাগ্ৰামাই স্বীকাৰ কৰিলে বিগত সময়ত কংগ্ৰেছ আৰু বৰ্তমান বিজেপিৰ সৈতে থকা সুবিধাবাদী মিতিৰালিৰ কথা। বড়োসকলৰ উন্নয়নৰ দোহাই দি যাৰ চৰকাৰ নাই তাৰ লগত থাকি একো লাভ নাই বুলি মন্তব্য কৰে হাগ্ৰামাই।

লগতে কয় যে এতিয়া আৰু কংগ্ৰেছৰ দিন নাই, বিজেপিৰ দিন, বিজেপিৰে জয়। উপাই নাই এতিয়া বিজেপিতে থাকি কাম কৰিব লাগিব। ইফালে সংখ্যালঘু ৰাইজকো ৰসিকভাৱে কংগ্ৰেছলৈ নগৈ অগপত ভোট দিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে।

আনফালে মন্ত্ৰী চন্দন ব্ৰহ্মই কংগ্ৰেছ আৰু AIUDF-ৰ মিত্ৰতাৰ বিষয়ে সমালোচনা কৰি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছে অসমৰ এখনো আসনত যে জিকিব পাৰিব তাকলৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে সভাখনত সাংসদ বিশ্বজীৎ দৈমাৰীয়ে প্ৰথম অৱস্থাত মণিমাধৱ মহন্তক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় যদিও পাছলৈ নিজৰ ভুলটো গম পাই পদুমৰ ঠাইত হাতীৰ ছবিত ভোট দিবলৈ ৰাইজক অনুৰোধ জনায়।

উল্লেখযোগ্য যে বড়ো-কছাৰী কাউঞ্চিলৰ বাবেই ৰাইজক চৰকাৰৰ লগত থাকিবলৈ সভাখনত সাংসদ দৈমাৰীয়ে আচৰিত ধৰণৰে খবৰদাৰ কৰি দিয়া দেখা গ'ল বড়ো জনজাতীয় ৰাইজক। অৱশ্যে মণিমাধৱ মহন্তৰ হৈ অঞ্চলটোত বিপিএফৰ নেতৃত্বই প্ৰচাৰ চলালে যদিও সভাখনত শেষ পৰ্যন্ত প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকী আহি কিন্তু উপস্থিত হোৱা দেখা পোৱা নগ'ল।