70
চামগুৰিঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ পুৱাই বিভিন্ন স্থানত ওলাই আহিছে ৰাইজ। চামগুৰিৰ দৃশ্যপটো একেই পুৱাই চামগুৰিৰ ১৪৪ নং তেলিয়াগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত ভিৰ কৰিলেহি অজস্ৰজনে।
বিদ্যালয়খনত সংস্থাপিত ১০৭ নং ভোট কেন্দ্ৰটোত পুৱাৰ পৰাই নৱপ্ৰজন্মৰ ভোটাৰৰপৰা আদি কৰি বয়োবৃদ্ধ জনলৈকে দেখা গ’ল। দেশ সুৰক্ষা তথা উন্নয়নৰ স্বাৰ্থত ওলাই আহিল জনসাধাৰণ৷