চামগুৰিঃ ৰাজ্যত দ্ৰুতগতিত চলি থকা নাগৰিক পঞ্জীৰ উন্নতিকৰণ প্ৰক্ৰিয়াৰ আপত্তি দৰ্শোৱাৰ অন্তিম পৰ্য্যায়ত উপনিত হৈছে কৰ্তৃপক্ষ। কিন্তু একাংশ আপত্তিকাৰিয়ে জধে-মধে বিচাৰ-বিবেচনাহীনভাৱে বিভিন্ন ঠাইৰ একাধিক থলুৱা নাগৰিকক সন্দেহজনক নাগৰিক বুলি এনআৰচি কৰ্তৃপক্ষৰ ওচৰত আপত্তি দৰ্শাই হাৰাশাস্তি কৰাৰ অভিযোগ এতিয়া বহুবোৰ ঠাইত উত্থাপন হৈছে শেহতীয়াকৈ।
অনুৰূপ ধৰণেৰে নগাঁৱৰ চামগুৰিটো মংগলবাৰে পোহৰলৈ আহিছে আন এক আপত্তিজনিত ঘটনা। এইবাৰ ৰহাৰ এজন জনৈক বিমল চন্দ্ৰ গগৈ নামৰ ব্যক্তিয়ে আপত্তি দৰ্শালে ৰহাৰে এজন জ্যেষ্ঠ সাংবাদিক তীৰ্থ প্ৰসাদ গোস্বামীৰ পৰিয়াল এগৰাকী মহিলাৰ সন্দৰ্ভত। 'আমাৰ অসম' কাকতৰ প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক গৰাকীৰ ন'বৌয়েক অৰ্চনা গোস্বামীৰ মাতৃৰ পৰিয়াল নগাঁও আমোলাপট্টীৰ পুৰণি নিবাসী যদিও মহিলা গৰাকী বিবাহৰ পিছত স্বামীৰ সৈতে চাকৰিসূত্ৰে বসবাস কৰি আছে ডিব্ৰুগড় চহৰত।
নগাঁৱৰ চিৰ পৰিচিত এটা পুৰণি পৰিয়ালৰ জীয়ৰী হোৱাৰ স্বত্তেও জনৈক বিমল চন্দ্ৰ গগৈ নামৰ ৰহাৰ এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ সন্দৰ্ভত সন্দেহযুক্ত নাগৰিক বুলি সন্দেহ কৰি এনআৰচি কৰ্তৃপক্ষক জনোৱা আপত্তিক কেন্দ্ৰ কৰি এতিয়া চূড়ান্ত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চামগুৰিৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনৰ NSK-কেন্দ্ৰত উপস্থিত গোস্বামীৰ পৰিয়ালটোৱে। সেই অজ্ঞতা ব্যক্তি জনে জনোৱা বিবেচনাহীন আপত্তিৰ বাবে সুদূৰ ডিব্ৰুগড়ৰপৰা চামগুৰিলৈ আহিবলগীয়া হোৱা মহিলা গৰাকীয়ে এনআৰচি কৰ্তৃপক্ষক আহ্বান জনাই কয় যে সন্দেহজনক নাগৰিকৰ সন্দৰ্ভত আপত্তি জনোৱা ব্যক্তি সকলে প্ৰদান কৰা আবেদনৰ সৈতে আবেদনকাৰি জনৰ পৰিচয় পত্ৰও লোৱাৰ ব্যৱস্থা কৰিব লাগে এনআৰচি কৰ্তৃপক্ষই।
অন্যথা কোনো অজ্ঞাত ব্যক্তিয়ে অযথা প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰাৰ থল থাকি যায় এনআৰচি উন্নিতকৰণ সংশোধিত প্ৰক্ৰিয়াটোত। ইফালে, বিয়লি পৰ্য্যন্ত আপত্তিকাৰী জন শুনানিৰ বাবে চামগুৰিস্থিত NSK কেন্দ্ৰটোত উপস্থিত নোহোৱাত এতিয়া অতি বিপাঙত পৰিছে জ্যেষ্ঠ সাংবাদিকজনৰ পৰিয়ালটো।