লক্ষ্ণৌঃ ⁠⁠⁠উত্তৰ প্ৰদেশ নিৰ্বাচনত সমাজবাদী দলটোৱে মুখ থেকেচা খোৱাৰ পিছতেই আজি আকৌ বেয়া খবৰ সমাজবাদী পাৰ্টিৰ বাবে। দলবদ্ধ ধৰ্ষণত অভিযুক্ত সমাজবাদী নেতা গায়ত্ৰী প্ৰসাদ প্ৰজাপতিক লক্ষ্ণৌৰপৰা আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযোগত আটক কৰে৷ ভালেকেইদিন ধৰি পলাতক অৱস্থাত থকা নেতাগৰাকীক আজি আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হয়৷

সমাজবাদী দলৰ এগৰাকী মহিলা সদস্যই প্ৰজাপতিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ মহিলাগৰাকীৰ ভাষ্য অনুসৰি দলত উচ্চ পৰ্যায়ত স্থান দিয়াৰ চলনাৰে বিগত ২ বছৰৰপৰা ধৰ্ষণ কৰিছিল প্ৰজাপতিয়ে৷

তদুপৰি  মহিলাগৰাকীৰ নাবালিকা কন্যাকো নিৰ্যাতন কৰিছিল বুলি অভিযোগত উল্লেখ আছে৷ আৰক্ষীৰ ওচৰত এই সম্পৰ্কে গোচৰ ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল৷

অৱশেষত উচ্চতম ন্যায়ালয়ে নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিবলৈ আদেশ দিয়ে৷ প্ৰজাপতিয়ে এই গোচৰ উঠাই ল’বলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধো জনাইছিল৷ উল্লেখযোগ্য যে প্ৰজাপতি এইবাৰ নিৰ্বাচনত আমেথী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয়৷