লক্ষ্ণৌঃ উত্তৰ প্ৰদেশ নিৰ্বাচনত সমাজবাদী দলটোৱে মুখ থেকেচা খোৱাৰ পিছতেই আজি আকৌ বেয়া খবৰ সমাজবাদী পাৰ্টিৰ বাবে। দলবদ্ধ ধৰ্ষণত অভিযুক্ত সমাজবাদী নেতা গায়ত্ৰী প্ৰসাদ প্ৰজাপতিক লক্ষ্ণৌৰপৰা আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযোগত আটক কৰে৷ ভালেকেইদিন ধৰি পলাতক অৱস্থাত থকা নেতাগৰাকীক আজি আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হয়৷
সমাজবাদী দলৰ এগৰাকী মহিলা সদস্যই প্ৰজাপতিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ মহিলাগৰাকীৰ ভাষ্য অনুসৰি দলত উচ্চ পৰ্যায়ত স্থান দিয়াৰ চলনাৰে বিগত ২ বছৰৰপৰা ধৰ্ষণ কৰিছিল প্ৰজাপতিয়ে৷