newsnextone.com | ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টী (এছপি)ৰ অধ্যক্ষ অখিলেশ যাদৱে মঙলবাৰে কয় যে আগন্তক লোকসভা নিৰ্বাচনত এছপি আৰু বিএছপিৰ মাজত আসনৰ ভাগ বতৰাক লৈ বৰ্তমানলৈ কোনো আলোচনা চলা নাই৷ এই বিষয়ে উচিত সময়ত বিচাৰ কৰা হ’ব বুলিও মন্তব্য কৰে অখিলেশ যাদৱে৷

আগন্তক লোকসভা নিৰ্বাচনত বিএছপিয়ে ৰাজ্যখনৰ ৮০ খন লোকসভা আসনৰ ৪০ খন আসন দাবী কৰা বুলি ওলোৱা বাতৰিৰ পিছতে এই মন্তব্য প্ৰকাশ কৰে অখিলেশ যাদৱে৷ 

এছপি অধ্যক্ষগৰাকীয়ে কয় যে আসনৰ ভাগ বতৰা কৰা বিষয়টোৰ আলোচনাৰ দ্বাৰাহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ সংবাদ মাধ্যমত আসনৰ ভাগ বতৰাক লৈ ভুৱা বাতৰি প্ৰচাৰ হৈছে বুলি কয় যাদৱে৷

তেওঁ কয়, ‘আসনৰ ভাগ বতৰাৰ বিষয়ে আমি কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ কিন্তু সমাজবাদী পাৰ্টীৰ হৃদয় বৰ বিশাল৷ গতিকে বিএছপিৰ বাবেও আমি বিশাল হৃদয়েৰেই চিন্তা কৰিম৷

উল্লেখ্য যে, মাৰ্চ মাহত সম্পন্ন হোৱা গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিত বিএছপিয়ে এছপিক সহযোগিতা প্ৰদান কৰিছিল৷ তদুপৰি ৰাজ্যসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়তো দুয়োটা দলে মিত্ৰতা স্থাপন কৰিছিল৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বাৰীৰ শপত গ্ৰহণ অনুষ্ঠানত এছপিৰ অধ্যক্ষ অখিলেশ যাদৱ আৰু বিএছপিৰ অধ্যক্ষ মায়াৱতীক একেলগে একেখন মঞ্চত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল৷

ইফালে আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী দলৰ মাজত আসন ভাগ কৰাক লৈ মত-ভিন্নমত চলিব বুলি অনুমান কৰা হৈছে৷ বিশেষকৈ উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত৷ য’ত কেইবাটাও ৰাজনৈতিক দলে সবল স্থিতি ধৰি ৰাখিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷ 

অখিলেশ যাদৱে আগন্তক লোক সভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী সকলে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে ৰাজনীতিৰ ৰণত অৱৰ্তীৰ্ণ হৈছে বুলি মন্তব্য কৰে৷ তেওঁ কয়, ‘এইবাৰ বিজেপিৰ বিভাজনকামী ৰাজনীতি পৰাজিত হ’ব৷ বিজেপিয়ে বিভাজনৰ যি জুই কৈৰানা লোকসভা সমষ্টিত জ্বলাবলৈ চেষ্টা কৰিছিল, কৈৰানাৰ ভোটদাতা সকলে বিজোপিৰ বিৰুদ্ধে ভোট দান কৰি সেই জুইকুৰা নুমুৱাবলৈ সক্ষম হৈছে৷’ 

ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত এছপিৰ স্থিতি সন্দৰ্ভত অখিলেষে মন্তব্য কৰি কয় যে এছপিয়ে এইবাৰ মধ্যপ্ৰদেশত ২৩০ খন আসনত নিৰ্বাচনী যুদ্ধত অৱৰ্তীৰ্ণ হ’ব৷ তদুপৰি চত্তীশগড় আৰু ঝাৰখণ্ডতো এছপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী থিয় কৰাব৷

আনহাতে মধ্য প্ৰদেশত এছপি আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত এছপিৰ অধ্যক্ষ গৰাকীয়ে কয় যে এই বিষয়ত তেওঁ একো কথা জানিব পৰা নাই৷ তেওঁ কয় যে যদি কংগ্ৰেছ আৰু এছপিয়ে মিত্ৰতা স্থাপন কৰে তেন্তে দুই দলৰ মাজৰ শক্তি বৃদ্ধি পাব৷