- পঞ্চায়ত নিৰ্বাচনৰ আগনিশা যোৱা চাৰি ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সমীৰণ বৰাক দুবৃত্তই আক্ৰমন কৰি গুৰুতৰ ভাবে আহত কৰে
- আৰক্ষীয়ে গোচৰ ৰজু কৰাৰ পিচতো এতিয়ালৈকে কোনো ব্যৱস্থা নোলোৱাত আজি স্থানীয় ৰাইজে ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ ৰংপুৰ তিনিআলিৰ সমীপত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে
- আক্ৰমণকাৰীসকলৰ আৰক্ষীৰ লগত থকা সু-সম্পৰ্কৰ বাবেই আজি পৰ্যন্ত আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ নাই কৰা বুলি ৰাইজে অভিযোগ কৰিছে
কাকপথাৰঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক-নিশা, যোৱা চাৰি ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলত নিৰ্বাচনকেন্দ্ৰিক হিংসাত আহত হোৱা চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সমীৰণ বৰাৰ আক্ৰমণকাৰীৰ বিপক্ষে গোচৰ ৰুজু কৰাৰ পিছতো আজি পৰ্যন্ত আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ নকৰা কাৰ্য্যত ক্ষুদ্ধ হৈ আজি ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ ৰংপুৰ তিনিআলিৰ সমীপত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
ৰাজপথত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । ছাত্ৰ নেতা জনে আক্ৰমণকাৰী হিচাপে অভিযুক্ত কৰা গাভৰুভেটি গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছী প্ৰাৰ্থী ললিত শইকীয়াৰ পাঁচজনকৈ ভতিজা-ভাগিনক আৰক্ষীয়ে পলাই যাবলৈ সুযোগ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ৬ ডিচেম্বৰ তাৰিখে সন্ধিয়া ফিল'বাৰী অঞ্চলৰ ৰাইজ সহ সমীৰণ বৰাৰ বাসস্থান ৰংপুৰ গাঁৱৰ নবসুৰুজ যুৱক সংঘৰ সদস্যই ফিল'বাৰী আৰক্ষী থানাত অৱস্থান গ্ৰহণ কৰাত উপায়ন্তৰহৈ আৰক্ষীয়ে উত্তেজিত ৰাইজক শুক্ৰবাৰে পুৱাৰ ভাগতে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ ।
অৱশাষত অৱৰোধস্থলীত ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়া পঙ্কজ নাগবংশী উপস্থিত হয় যদিও স্থানীয় ৰাইজে আৰক্ষী অধীক্ষকৰ উপস্থিতিহে বিচাৰিছে । লগতে অভিযুক্তৰ লগত ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ সু-সম্পৰ্ক থকাৰ বাবেই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষী বিষয়াগৰাকীৰ নিলম্বনৰ দাবী কৰিছে স্থানীয় ৰাইজে ।
কাকপথাৰৰ পৰা তোলন গোহাঁই