চামগুৰিঃ কলং পৰীয়া কলা-সংস্কৃতি-শিক্ষাৰ তালে-তালে খোজ দিছে চামগুৰিৰ শিশুৱেও। বৃহস্পতিবাৰে চামগুৰি স্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত শিশুহঁতৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য-গীত-যোগ-অভিনয়ৰে মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চলটো। 

অনুষ্ঠানৰ সময়চোৱাত পাচ শতাধিক স্থানীয় ৰাইজ তথা প্ৰেক্ষাগৃহটিত ভিৰ কৰা অভিভাৱকে প্ৰশংসাৰেও উপচাই পেলালে কণমানি সু-নিপুণ শিশু ছাত্ৰ-ছাত্ৰী সকলক। 

প্ৰকৃততে এইয়া আছিল চামগুৰি স্থিত ইংৰাজী মাধ্যমৰ শিশু শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান "ফ্লৰেঞ্চ একাডেমি"ৰ বৰ্ষপুতি অনুষ্ঠানত বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰী প্ৰদৰ্শন কৰা অতি আকৰ্ষণীয় শিল্প-কৰ্ম। বিদ্যালয়খনৰ শিক্ষাবৰ্ষ ২০১৪ চনৰপৰা আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰত বৃহত্তৰ অঞ্চলটোৰ ভিতৰতে শিক্ষাৰ লগতে আনুসাঙ্গিক দিশ সমূহত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চামগুৰিত।