চামগুৰিঃ ৰঙৰ উৎসৱ ফাকুৱাৰ পুৱাই যেন বিভীষিকা নামি আহিলে চামগুৰিৰ এটা বিশেষ অঞ্চলৰ একাংশ লোকৰ জীৱনলৈ। বৃহত্তৰ চামগুৰি অঞ্চলৰ ওপৰেৰে বুধবাৰে নিশা পাৰহৈ যোৱা এজাক বতাহ-ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে অঞ্চলটোৰ সৰু-বৰ একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে একাধিক লোকৰ ঘৰ-বাৰি, গছ-গছনিৰো। 

নিশা প্ৰায় এক মান বজাত অহা এজাক প্ৰবল ধুমুহা বতাহ বৰষুণৰ ফলত সমুলঞ্চে তচনচহৈ পৰিল চামগুৰিৰ কঠালগুৰিস্থিত "বেপ্তিষ্ট চাৰ্চ" নামৰ গীৰ্জা ঘৰটো। অঞ্চলটোৰ সহস্ৰাধিক খ্ৰীষ্টধৰ্মী লোকৰ আৰাধ্য স্থলি ৰূপে খ্যাত গীৰ্জাঘৰটোৰ টিঙৰ চালি ধুমুহাই উৰুৱাই নিয়াৰ ফলত গীৰ্জাৰ ভিতৰত থকা বহু সংখ্যক মূল্যবান সা-সম্পত্তিৰো বিস্তৰ ক্ষতি সাধন হয়। 

অৱশ্যে পুৱা স্থানীয় লোকসকলে অস্থায়ীভাৱে পৰিত্যক্ত গীৰ্জা ঘৰটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিধ্বস্ত হোৱা গীৰ্জাঘৰটোৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰকো আৰ্থিকভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই চামগুৰি কঠালগুৰিৰ স্থানীয় লোকে। ইফালে নিশা অহা ধুমুহা জাকৰ ফলত অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ বাসগৃহৰ লগতে গছ-গছনি উঘালি পৰি কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্থ কৰাৰ বিপৰীতে অঞ্চলটোৰ কেইবাখনো ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান তথা ব্ৰয়লাৰ ফ্ৰাম আদিৰো যথেষ্ট ক্ষতি সাধন হোৱাৰ বিষয়ে অৱশ্যে বাতৰি যুগুতোৱাৰ পৰলৈকে জানিব পৰা গৈছে।