57
চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ বাজিয়াগাঁৱত কংগ্ৰেছ দলৰ সহস্ৰাধিক কৰ্মী-সৰ্মথকৰ সমাৱেশেৰে অনুষ্ঠিত হ’ল নৱ-নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সম্বৰ্ধনা সভা।
দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি কেশৱ চান্দ যাদৱ আৰু উপ-সভাপতি নাৱাজ ভিভি, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাসহ উপস্থিত থাকে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেন।