চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ বাজিয়াগাঁৱত কংগ্ৰেছ দলৰ সহস্ৰাধিক কৰ্মী-সৰ্মথকৰ সমাৱেশেৰে অনুষ্ঠিত হ'ল নৱ-নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সম্বৰ্ধনা সভা। 

দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি কেশৱ চান্দ যাদৱ আৰু উপ-সভাপতি নাৱাজ ভিভি, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাসহ উপস্থিত থাকে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেন।

সভাখনত জয়যুক্ত পঞ্চায়ত প্ৰতিনিধিসমূহক উপস্থিত নেতৃত্বই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উপৰিও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক বি জে পি চৰকাৰৰ বিৰুদ্ধে।

 

ৰাফেল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত কেন্দ্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে উভটি ধৰিলে মোডী চৰকাৰক। লগতে স্বাধীনতাৰ পূৰ্বে বি জে পিয়ে ব্ৰিটিছৰ লগত দালালি কৰাৰ লগতে পৰৱৰ্তী সময়ত নিৰ্বাচন আহিলেই বি জে পিয়ে ৰাম মন্দিৰৰ কথা কৈ ভোট আহৰণৰ চেষ্টা কৰে বুলিও মন্তব্য কৰে। 

ইফালে যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় উপ-সভাপতি গৰাকীয়ে ৰাফাল সন্দৰ্ভত যি পৰ্যন্ত যুটীয়া সংসদীয় সমিতিৰ বৈঠক চৰকাৰে অনুষ্ঠিত নকৰিব সেইপৰ্যন্ত যুৱ-কংগ্ৰেছে কাশ্মীৰৰপৰা কন্যাকুমাৰীলৈকে বৃহৎ আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে।

আনহাতে প্ৰধানমন্ত্ৰী মোডীক 'এক্সিডেনটেল ট্যুৰিষ্ট' বুলি সমালোচনা কৰি গৃহসমষ্টিৰ বিধায়ক ৰকিবুল হুইছেনে বিগত ৫৫টা মাহত ৯২বাৰকৈ বিদেশ ভ্ৰমণ কৰি ৰাজকোষৰ দুহেজাৰ একৈশ কোটি টকা সৰাধ কৰি ৰাইজৰ ধনৰ অপব্যয় কৰিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, সভাখনতে বদৰউদ্দিন আজমলক এজন কুৰুচিসম্পন্ন ব্যক্তি বুলি মন্তব্য কৰে বিধায়জ হুইছেনে।লগতে আজমলৰ অৱিহনে বি জে পিৰ কোনো অস্তিত্বয়ে নাথাকিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুইছেনে। 

লক্ষ্যণীয়ভাৱে সমষ্টিটোৰ বিধায়ক ৰকিবুল হুইছেনে অ গ প-বি জে পিৰ মিত্ৰতা আৰু JPC-ৰ বৈঠক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে সম্বৰ্দ্ধনা সভাখনত।