newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱাৰে পৰা ভাৰত-পাক সীমান্তৰ বান্দিপোৰাৰ গুৰেজ চেক্টৰত ভাৰতত সোমাব বিচৰা পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযানত চাৰিগৰাকী সৱন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এগৰাকী সেনাৰ মেজৰ সহ তিনি জোৱানে দেশৰ বাবে শ্বহীদ হ'ব লগা হয়। এলঅ'চিত সতৰ্কতা জাৰি কৰে ভাৰতীয় সেনাই অভিযান চলাই থকাৰ সময়তে দেশৰ বিৰোধী দলৰ লগতে শাসকীয় পক্ষৰ সহযোগী দলেও বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

বিজেপিৰ সহযোগী দল তথা বিজেপি দলৰ সৈতে লগলাগি মহাৰাষ্ট্ৰত চৰকাৰ চলাই থকা শিৱ সেনাই মঙলবাৰে চাৰিগৰাকী সেনাৰ জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটে মঙলবাৰে পুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যোৱা ৪ বছৰত যিমান জোৱান শ্বহীদ হৈছে যোৱা ৫০ বছৰত ইমান সেনা জোৱান নিহত হোৱা নাছিল। সঞ্জয়ে কয় যে আমাৰ জোৱান যোৱা চাৰি বছৰত যিমান মৃত্যু হৈছে যোৱা ৫০ বছৰত ইমান জোৱানৰ মৃত্যু হোৱা নাছিল।