newsnextone.com | গুৱাহাটীঃ মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছ’চাইটি অফ ইণ্ডিয়াই শুক্ৰবাৰে কলিকতাৰ গোলর্পাকস্থ ৰামকৃষ্ণ মিচন ইনষ্টিটিউট অফ কালচাৰৰ শিৱানন্দ হলত সন্ধিয়া ৪ বাজি ৩০ মিনিটৰ পৰা শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে৷ অনুষ্ঠানৰ সঞ্চালনা কৰে ৰামকৃষ্ণ মিচন ইনষ্টিটিউট অফ কালচাৰৰ সম্পাদক সুপ্ৰননন্দ মহাৰাজে। 

কলিকতাৰ বিশিষ্ট বোলছৱিৰ পৰিচালক সুজিত চক্ৰৱৰ্তীয়ে আঁত ধৰা এই অনুষ্ঠানত অসমৰ ভাগৱত ৰসসিন্ধু ৰিজু পাঠক মূখ্য বক্তা হিচাপে উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শ্ৰীমত ভাগৱতৰ ওপৰত বিতং ভাৱে আলোকপাত কৰে। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘পাৱে পৰি হৰি’ বৰগীত পৰিৱেশন কৰে ধীৰাজ ভৰদ্বাজে।

শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছ’চাইটিৰ পশ্চিম বংগ ৰাজ্যিক সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰে সমিতিৰ উপ সভাপতি প্ৰনৱ হাজৰিকাই। প্ৰসিদ্ধ বাংলা সাহিত্যিক তথা শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছ’চাইটি অফ ইণ্ডিয়াৰ কলিকতা অধ্যায়ৰ সভাপতি গুৰু বিশ্বাস, অসমৰ সাংস্কৃতিক সাধক দয়াল কৃষ্ণ নাথ, শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছ’চাইটি অফ ইণ্ডিয়াৰ অসম সমিতিৰ সম্পাদক কমল বৰা, বাংলা বোলছৱি জগতৰ অভিনেতা উৎপল চট্টোপাধ্যায়, কলিকতাবাসী অসমৰ সন্তান তথা শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছ’চাইটি অফ ইণ্ডিয়াৰ পশ্চিম বংগ অধ্যায়ৰ উপ সভাপতি ববি ভৰদ্বাজ আৰু অসমৰ নগাঁৱৰ ন-নৈ মহাবিদ্যালয়ৰ অধ্যাপিকা তথা শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাৰ ওপৰত গৱেষণা কৰি থকা শ্ৰীমতী কবিতা কুশৰে শংকৰদেৱৰ সংস্কৃতিৰ মহান আন্দোলনৰ ওপৰত বক্তব্য ৰাখে। 

এই অনুষ্ঠানত শ্ৰীমত ভাগৱতক খাচী ভাষালৈ অনুবাদ কৰা মেঘালয়ৰ প্ৰভাত কান্তি পালক আৰু ৰবীন্দ্ৰ সংগীতক হিন্দীলৈ অনুবাদ কৰি বিশেষ সফলতা লাভ কৰা  দাউদ লাল কোঠাৰীক এক সন্মানেৰে বিভূষিত কৰা হয়। স্বামী সুপুনানন্দ মহাৰাজ ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু ধৰ্ম্মীয় ধাৰাৰ ওপৰত এক অপূৰ্ব্ব বক্তব্য ৰাখি তেখেতৰ সাংস্কৃতিক আৰু সমাজ সংস্কাৰৰ অৰিহণাৰ গুণ গান গায়। 

এই অনুষ্ঠানত অসমৰ পৰা হিমাংশু শর্মা আৰু সজল দাসে অংশ গ্ৰহণ কৰে৷ শলাগৰ শৰাই আগবঢ়াই চন্দন ফুকনে। উল্লেখযোগ্য যে, কলিকতাৰ কেইজনমান প্ৰৱাসী অসমীয়া আৰু বেঙ্গলী সম্পদায়ৰ সচেতন ব্যক্তিৰ প্ৰচেষ্ঠাত যোৱা বছৰৰ পৰা এনে দৰে মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰি মহাপুৰুষ জনৰ সংস্কৃতিক বিশ্বৰ ওচৰত চিনাকি কৰি দিয়াৰ প্ৰচেষ্টা কৰাটো শলাগনীয় বিষয়৷