newsnextone.com | ডিজিটেল ডেস্কঃ

আজি শ্ৰীশ্ৰী মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি৷ সমগ্ৰ অসমতে হৰি নাম ধ্বনিৰে মুখৰিত কৰি ভক্তসকলে পালন কৰিছে গুৰুজনাৰ তিথি৷ অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰথম গুৰি ধৰোঁতা এওৱেই আছিল৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰে জাতি, ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰাৰ মনোভাৱেৰে আৰম্ভ কৰিছিল এই যাত্ৰা৷ এনে মহাপুৰুষজনাৰ জন্ম ১৪৪৯ খ্ৰীষ্টাব্দত অসমৰ নগাঁও জিলাৰ বৰদোৱা সমীপৰ আলিপুখুৰীত হৈছিল৷ 

শংকৰদেৱৰ বাল্যকাল অৱস্থাতে পিতৃ কুসুম্বৰ ভূঁঞা আৰু মাতৃ সত্যসন্ধ্যাৰ অকাল বিয়োগৰ পিছত আইতাক খেৰসূতীয়ে তুলি-তালি ডাঙৰ-দীঘল কৰে৷ কম বয়সত অ-আ কাৰমুক্ত ‘কৰতল কমল’ কবিতা ৰচনা কৰি নিজৰ বিচক্ষণতাৰ পৰিচয় দিয়া সেই বাল্য শংকৰদেৱেই পিছলৈ হৈ পৰিছিল জগতবিখ্যাত৷ বুঢ়ীমাক খেৰসূতীয়ে নাতিয়েকৰ এনে লক্ষণ সমূহক আওকান নকৰি শিক্ষাৰ জ্ঞান লাভ কৰিবলৈ মহেন্দ্ৰ কন্দলিৰ টোললৈ প্ৰেৰণ কৰে৷ শংকৰদেৱে ২১ বছৰত সূৰ্যৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত মনু নামৰ এটি কন্যা সন্তানৰ পিতৃ হয়৷ কিন্তু প্ৰথমা পত্নীৰ বিয়োগৰ পিছত ৫৪ বছৰ বয়সত শংকৰদেৱে কালিন্দী নামৰ এগৰাকী মহিলাৰ পাণি গ্ৰহণ কৰে৷

ধৰ্ম শিক্ষা আৰু জীৱন শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰি অনুভৱ কৰি শংকৰদেৱে ৩২ বছৰৰ বয়সতেই প্ৰথম তীৰ্থ যাত্ৰা আৰম্ভ কৰিছিল৷ সেই কালছোৱাতে তেওঁ ৰূপ আৰু সনাতন গোস্বামীৰ সাক্ষাৎ লাভ কৰে৷ সেই সময়ছোৱাত শংকৰদেৱে বিভিন্ন তীৰ্থ ভ্ৰমণৰ অভিজ্ঞতাৰে ধৰ্ম গ্ৰন্থ ৰচনা কৰি অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগতে নৱ জাগৰণৰ সূচনা কৰিছিল৷ অশিক্ষিত অসমীয়া জাতিটোক ব্ৰজাৱলী ভাষাত ৰচিত ধৰ্ম গ্ৰন্থ শ্ৰৱণ কৰাই ঐশ্বৰিক মাহাত্ম্যৰ সৈতে পৰিচয় কৰাই দিছিল৷ তেওঁ তিহুতীয়া ব্ৰাক্ষ্মণ জগদীশ মিশ্ৰক সাক্ষাৎ কৰি ভাগৱত পাঠ শুনোৱাৰ লগতে এই গ্ৰন্থ খন উপহাৰ দিয়ে৷ চৰিত পুথিত লিখা থকা অনুসৰি, শংকৰদেৱৰ মহানতা আৰু আতিথ্যত সন্তুষ্ট হৈ পাছত মিশ্ৰই তেওঁৰ স্বাগতমৰ বাবে মহানাট অভিনয়ৰ আয়োজন কৰিছিল৷ 

১৪৩৮ খ্ৰীষ্টাব্দত বিভিন্ন কাৰণত শংকৰেদেৱে ভূঞাঁ ৰাজ্য ত্যাগ কৰি আহোম ৰাজ্যত প্ৰৱেশ কৰিছে৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কালত বিভিন্ন সময়ত  মহাপুৰুষ শংকৰদেৱ বহু লোকৰ ষড়যন্ত্ৰৰ বলি হ’ব লগা হয় যদিও তেওঁ কাহানিও হাৰ মনা নাছিল৷ অসমীয়া ভাষা সাহিত্যক চহকী কৰি মহাপুৰুষজনাই ৬ খনকৈ নাট ৰচনা কৰাৰ উপৰিও কীৰ্তন ঘোষাকে আদি কৰি কেইবাখনো ধৰ্মীয় গ্ৰন্থ আৰু গীত ৰচনা কৰি থৈ গৈছে৷ তেওঁ ৰচনা কৰা নাট সমুহক অংকীয়া নাট আৰু গীত সমূহক বৰগীত নামেৰে জনা যায়৷

ইফালে,জীৱনৰ মধ্যভাগতে শংকৰদেৱে লগ পাইছিল তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক৷ শাক্ত ধৰ্মাৱলম্বী মাধৱদেৱে মহাপুৰুষজনাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ পিছত শৰণ লৈ নৱ ৱৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিছিল৷ মহাপুৰুষ দুজনাৰ সেই মিলনক ‘মণিকাঞ্চন’ সংযোগ বুলি আখ্যা দিয়া হয়৷ বৈষ্ণৱযুগৰ অংকীয়া নাট তথা অংকীয়া ভাওনাক মাৰ্গ প্ৰদান কৰা শংকৰদেৱৰ ভাওনাৰ মাজত ভগৱানৰ লীলা, ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাস, আস্থা দেখিবলৈ পোৱা যায়৷ তেখেতৰ বেছিভাগ ভাওনাৰ মূল চৰিত্ৰ শ্ৰীকৃষ্ণক লৈ ৰচনা কৰা৷

তেখেতৰ ৰচনাত এক সাৱলীলতা, বিৰল তথা ভক্তিৰ এক তৃপ্ততা বিচাৰি পোৱা গৈছিল৷ তেখেতৰ ৰচনাৰাজিৰ বিষয়ে  প্ৰমাণ পোৱা কিছু পুথিঃ

কাব্য পুঁথিঃ হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী-উদ্ধৱ সংবাদ, কৃষ্ণ প্ৰয়াণ-পাণ্ডৱ নিৰ্বাৰণ

নাটকঃ পত্নী প্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰাম বিজয়ী

গীতঃ বৰগীত, ভটিমা(দেৱীভটিমা, নাটভটিমা, ৰাজভটিমা)ট’টয়, চপয়

নামপ্ৰসংগ মূলক পুঁথিঃ কীৰ্তন ঘোষা, গুণমালা ইত্যাদি ৰচনাৰ সমাহাৰেৰে অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ যোৱা শংকৰদেৱে ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে৷ আনহাতে সেই সময়ৰ ভগৱান বুলি বিশ্বাস কৰা শংকৰদেৱে ব্ৰক্ষ্মপুত্ৰ নদী পাৰ কৰি সকলোকে আচম্বিত কৰি তুলিছিল৷ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকৰ লগতে শংকৰদেৱ এজন সাহিত্যিক কবি, নাট্যকাৰ তথা হিন্দু সমাজ সুচিন্তক ব্যক্তি আছিল৷